নীটত সফলতা অৰ্জন কৰি ডেকাপাম উদয়পুৰলৈ গৌৰৱ কঢ়িয়াই অনা শোভাৰাণী সোনোৱালক সম্বৰ্ধনা…

সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ জোনাই মহকুমাৰ ডেকাপাম উদয়পুৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা শোভাৰাণী সোনোৱালক সোমবাৰে উদয়পুৰ গাঁও পৰিচালনা সমিতিয়ে সম্বৰ্ধনা জনায়। উদয়পুৰ নামঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত শোভাৰাণী সোনোৱালক গামোছা, শিক্ষা সামগ্ৰীৰে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত উদয়পুৰ গাঁও পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ সোনোৱাল, সম্পাদক শ্যাম সোনোৱাল, উপদেষ্টা গোলাপ শইকীয়া, হেমন্ত সোনোৱাল, সোনোৱাল কছাৰী সাহিত্য সভাৰ ডেকাপাম শাখা সমিতিৰ সভাপতি ভৃগুৰাম সোনোৱাল প্ৰমুখ্যে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যেউদয়পুৰ গাঁৱৰ নিবাসী এছ এছ বি উপ পৰিদৰ্শক দুলাল সোনোৱাল আৰু নন্দিতা সোনোৱালৰ একমাত্ৰ কন্যা সোভাৰাণী সোনোৱালে প্ৰথমবাৰ অৱতীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ৫০৯ নম্বৰেৰে ১৯৫৭৯১ স্থান দখল কৰিছে সোভাৰাণী সোনোৱালে।উল্লেখযোগ্য যে সোভাৰাণী সোনোৱালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।

Related Articles