Breaking

পূব টংলা আঞ্চলিক সাংস্কৃতি যুৱ মঞ্চৰ উদ্যোগত কৃতি ছাত্র -ছাত্ৰী আৰু ৰাষ্ট্রীয় পদক বিজয়ী খেলুৱৈক সম্বৰ্ধনা..

0 52

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পূব টংলা আঞ্চলিক সাংস্কৃতি যুৱ মঞ্চৰ উদ্যোগত আজি পালাহগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সভা গৃহত সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্র -ছাত্ৰী আৰু ৰাষ্ট্রীয় খেলুৱৈ লগতে অৱসৰ প্ৰাপ্ত অংগনাৱাডি কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

ৰাতিপুৱা ১০ বজাত মঞ্চৰ সভাপতি ৰাজীৱ শৰ্মাই পতাকা উত্তোলন কৰা পাছতে যুৱ মঞ্চৰ শীৰ্ষক গীতেৰে অনুষ্ঠান খন আৰম্ভ কৰা হয়।যুৱ সমাজ কৰ্মী ফটিক ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠান খন পৰিচালনা কৰে যুৱ মঞ্চৰ স্থায়ী সমিতিৰ সভাপতি ৰাজীৱ শৰ্মাই।উক্ত অনুষ্ঠান খনতে কৃতি ছাত্র ছাত্ৰী আৰু ৰাষ্ট্রীয় উশ্বু খেলুৱৈ ভবেশ কছাৰী লগতে অৱসৰ প্ৰাপ্ত অংগনাৱাড়ী শিক্ষয়ত্ৰী ভানুমতি ডেকাক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠান খনত শৈক্ষিক বিষয়ৰ ওপৰত আলোকপাত কৰে টংলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাস,পালাহগড় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ শৰ্মা,পায়নীয়াৰ কলেজৰ অধ্যাপক পঞ্চানন দেৱ শৰ্মা,শিক্ষক ধনঞ্জয় ৰাভা,ৰাহুল মিঞ্জ,ডলি শৰ্মা আৰু ভাস্কৰ বৰুৱাই।সভাৰ শেষত অসম সংগীততেৰে অনুষ্ঠান সামৰণি পৰে।

Leave A Reply