ফেমিনা মিছ ইণ্ডিয়া-২০২৩ৰ খিতাপ অৰ্জন ৰাজস্থানৰ নন্দিনী গুপ্তাৰ। বয়স মাত্ৰ ১৯ বছৰ…

ফেমিনা মিছ ইণ্ডিয়া-২০২৩ৰ খিতাপ ৰাজস্থানৰ নন্দিনী গুপ্তাৰ শিৰত…।ৰাজস্থানৰ নন্দিনী গুপ্তা ২০২৩ চনৰ মিছ ইণ্ডিয়া।নন্দিনী গুপ্তাৰ বয়স মাত্ৰ ১৯ বছৰ। যোৱা নিশা অনুষ্ঠানত নন্দিনীক ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩ৰ মুকুট পিন্ধোৱা হয়। দিল্লীৰ শ্ৰেয়া পুঞ্জা প্ৰথম ৰানাৰ্ছ আপ, আৰু মণিপুৰৰ থৌনাওজাম ষ্ট্ৰেলা লুৱাঙে লাভ কৰে ২য় ৰানাৰ্ছ আপৰ মুকুট। সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হয় ৭১ সংখ্যক সংস্কৰণ।

মিছ ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত নন্দিনীৰ বিজয়ী মুহূৰ্তৰ এখন ছবি পোষ্ট কৰা হৈছে, য’ত লিখা আছে, “WORLD – here she comes! কঠোৰ পৰিশ্ৰমৰ অন্তত বিজয়ৰ মুকুমট পিন্ধে নন্দিনী গুপ্তাই। নন্দিনী গুপ্তা প্ৰিয়ংকা চোপ্ৰাৰ অনুৰাগী।

Related Articles