Breaking

উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত পুনৰ আৰম্ভ ফেৰী সেৱা…

0 22

উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যোৱা তিনি দিন ধৰি বন্ধ হৈ থকা ফেৰী সেৱা বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হয়। মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী হঠাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা তিনিদিন ধৰি বন্ধ হৈ আছিল।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাত আৰু ফেৰী ঘাটৰ ৰেম্প সমূহ নিৰ্মাণ হৈ উঠাৰ বাবে বৃহস্পতিবাৰৰ পৰা পুনৰ ফেৰী আৰম্ভ হয়। তিনিদিন ধৰি উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ফেৰী সেৱা ব্যাহত হৈ থকাৰ বাবে চৰম আহুকালৰ সন্মুখীন হোৱা ফেৰী যাত্ৰী সকলে আজি ফেৰী সেৱা আৰম্ভ হোৱাত স্বস্তিৰ নিশ্বাস পেলায়।

Leave A Reply