অসমৰ ক্ৰীড়াপ্ৰেমীৰ(Fifa world cup trophy)বাবে এক ভাল খবৰ৷ প্ৰথমবাৰৰ বাবে অসমলৈ অনা হ’ব ফিফা বিশ্বকাপৰ ট্ৰফী৷ জনতাই অতি কাষৰ পৰা চাব পাৰিব এই বহু আকাংক্ষিত ট্ৰফী৷ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ভোগেশ্বৰী ফুকাননী ইনড’ৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে৷ সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে ফিফা বিশ্বকাপ ট্ৰফী ১৩ জানুৱাৰীত অসমলৈ অনা হ’ব৷ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, ১৩ জানুৱাৰীত পুৱা ১০ বজাত ট্ৰফী আহি গুৱাহাটী পোৱাৰ কথা৷
বিয়লি ৩ বজাৰ পৰা বৰষাপাৰা ষ্টেডিয়ামত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে ৰখা হ’ব৷ ইয়াৰ পিছত ফুটবল অনুৰাগীসকলক বিশ্বৰ আটাইতকৈ বিখ্যাত ফুটবল ট্ৰফীটো ওচৰৰ পৰা চাবলৈ এক বিৰল সুযোগ প্ৰদান কৰা হ’ব৷ সন্ধিয়া জ্জ্ব:৩০ বজাত এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তাৎপৰ্যপূৰ্ণভাৱে ট্ৰফীটো অসমলৈ অনাৰ লগে লগে ১২ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতলৈ উভতি অহাৰ এই অনুষ্ঠানটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ অনুষ্ঠানত প্ৰৱেশ বিনামূলীয়া হ’ব, যাৰ ফলত সৰ্বাধিক জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত হ’ব৷ বিয়লি ৩ বজাৰ পৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত জনপ্ৰিয় গায়ক শংকুৰাজ আৰু ঋতু ৰিবাৰ লগতে অন্যান্য শিল্পীৰ অনুষ্ঠান থাকিব বুলি মন্ত্ৰী গাৰ্লোচাই ঘোষণা কৰে৷

