Breaking

অৱশেষত প্ৰশ্ন কাকত ফাদিল কৰা আটিকুল ইছলাম আৰক্ষীৰ জালত

0 2,268

মৰিগাঁও জিলাৰ শিক্ষা বিভাগক লজ্জানত  কৰা ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ নায়কক অৱশেষত  আৰক্ষীৰ জালত পৰিল আটিকুল ইছলাম ।মৈৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বনকৰা লৰা আটিকুল ইছলাম। প্ৰধান শিক্ষক নজৰুল ইছলামে আটিকুলক স্কুলৰ কামত ব্যৱহাৰ কৰিছিল।আটিকুলক স্কুলৰ চৌহদতে থাকিব দিছিল নজৰুলে।মৰিগাঁও টাউন স্কুলৰ পৰা প্ৰশ্ন কাকত নীতিবহিভূত ভাৱে প্ৰধান শিক্ষকে অনাইছিল আটিকুলৰ সহায়ত। ২৫ আৰু ২৭ নৱেম্বৰত সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান প্ৰশ্ন কাকত ফাডিল কৰিছিল আটিকুলে।প্ৰতিখন প্ৰশ্নৰ বাবত ২০০০ কৈ টকা লৈছিল আটিকুলে। ২৫ নৱেম্বৰত নৱম আৰু দশম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত আগদিনাই বিক্ৰী কৰিছিল। পুণৰ ২৭ নৱেম্বৰত দশম শ্ৰেনীৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত আগ দিনাই বিক্ৰী কৰিছিল আটিকুলে।লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াই   তদন্ত কৰিছিল প্ৰশ্ন কাকত ফাডিল কাণ্ড। চক্ৰ বিষয়াৰ তদন্তৰ ভিত্তিত ৰবি বাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছে আটিকুলক।এই কাণ্ডৰ বাবে গ্ৰেপ্তাৰ হব পাৰে কেবাজনো শিক্ষক।স্কুলৰ কৰ্মচাৰী নোহোৱাকৈ প্ৰশ্ন কাকত অনাৰ দৰে দায়িত্ব  বনকৰা লৰা আটিকুলক প্ৰধান শিক্ষক নজৰুল ইছলামে কিয় দিছিল সেয়া ৰহস্যজনক।

Leave A Reply