Breaking

অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…

0 196

দুটা বগা ঘোঁৰাক লৈ গহপুৰ সমষ্টিৰ জালুকবাৰী গাওঁত সৃষ্টি হৈছিল এক আলোৰণ। ঘটনাটো কেইদিনমান পূৰ্বৰ। আচলতে গাওঁ খনত হঠাৎ উলাইছিল দুটা বগা ঘোঁৰাক লৈ ব্যস্ত হৈ পৰিছিল এখন গাওঁৰ ৰাইজ। এতিয়া আহোঁ আচল কথালৈ।।বিগত প্ৰায় এটা মাহ পূৰ্বে।গহপুৰ সমষ্টিৰ জালুকবাৰী গাওঁৰ ৭ গৰাকীকৈ মহিলাৰ গাত আই লম্ভিছিল। সেই ৭ গৰাকী মহিলাই ৰাইজক কৈছিল বোলে।গাওঁ খনলৈ দুজনা ভগৱান আৱিৰ্ভাৱ হ’ব তেনে সময়তে গাওঁ খনৰ ৰাইজে ৭ গৰাকীৰ মহিলাক বিভিন্ন ধৰ্মীয় নীতি নিয়মে পূৰ্জা আৰ্চনা কৰিবলৈ আৰম্ভ কৰে। তেনে সময়তে যোৱা ১ মে তাৰিখে গাওঁ খনৰ প্ৰশান্ত বৰাৰ নামৰ লোক জনৰ ঘৰৰ পিছফালৰ খেৰৰ মেজিত পদাৰ্পন ঘটে দুটা বগা ঘোঁৰাৰ। তেনে সময়তে প্ৰশান্ত বৰাৰ পৰিয়ালে স্থানীয় লোকক ঘোঁৰা দুটা কথা অৱগত কৰাত ঘোঁৰা দুটা চাবলৈ প্ৰশান্ত বৰাৰ ঘৰত লাগিল ভিৰ। ইফালে স্থানীয় লোকে বগা ঘোঁৰা দুটা ভগৱানৰ অৱতাৰ বুলি ধূপ ধুনা আদিৰে পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰা দেখা যায়। ইফালে এই বগা ঘোঁৰা দুটা হঠাৎ গাওঁ খনৰ প্ৰশান্ত বৰাৰ ঘৰত কি দৰে প্ৰৱেশ কৰিলে তাক লৈ ও এক আলোৰণ সৃষ্টি হৈছিল যদিও প্ৰায় ৪ দিন পিছতো আচল ঘটনা পোহৰলৈ আহে।

জালুকবাৰী গাওঁৰ ৰাইজে গাওঁ খনৰ সেই ৭ গৰাকীৰ আই লম্ভিছিল বুলি বিশ্বাস কৰা মহিলা কেইগৰাকী কথাৰ মতে ঘোঁৰা দুটাক পূজা অৰ্চনা কৰিছিল যদিও শেষত আচল ঘটনা পোহৰলৈ আহে। ইফালে এই ভগৱান ৰূপী বগা ঘোঁৰা দুটা আচলতে গহপুৰ বিধান সভা সমষ্টিৰ অৰুণাচল সীমান্ত ডফলাগড়ৰ তিনিকোনীয়াৰ মমিন আলীৰ হে আছিল। যোৱা ৪ মাহ পূৰ্বে মমীন আলী ঘোঁৰা দুটা হেৰাইছিল যদিও ঘোঁৰা দুটা সন্ধান অব্যাহত ৰাখিছিল মমীন আলীয়ে। ইফালে ভগৱানৰূপী দুটা ঘোঁৰা সংবাদ মাধ্যমত দেখা পাই সোমবাৰে বিয়লি মমীন আলীসহ স্থানীয় গাওঁ প্ৰধান উপস্থিত হয় জালুকবাৰী গাওঁত। ইফালে মমীন আলীয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি নিজৰ প্ৰমাণ দাখিল কৰি সোমবাৰে বিয়লি মমীন আলীয়ে দুই ভগৱান ৰূপী বগা ঘোঁৰা ঘৰলৈ আহে। ইফালে সচেতন মহলৰ মতে গাওঁ খনৰ একাংশ লোকে চেলেং গামোচা ধূপ ধূনা আদিৰে পূজা অৰ্চনা কৰি এক অন্ধবিশ্বাস বিয়পাই দিছিল যাৰ ফলত গাওঁৰ বদনাম হোৱা বুলি কব বিচাৰে। লগতে একাংশ কয় যিটো বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি সময় তেনে সময়ত কেনেকৈ ঘোঁৰা ভগৱান হল বুলি প্ৰশ্ন কৰে।

গহপুৰৰ জালুকবাৰী গাঁৱৰ অবিশ্বাস্য ঘটনাটোৰ ৰহস্য অৱশেষত ফাদিল হৈছে। বাটে বাটে আহি গাঁৱৰ এঘৰৰ মেজিত খেৰ খাই থকা অৱস্থাত উদ্ধাৰ হোৱা বগা ঘোঁৰা হালক লৈ একাংশ অন্ধভক্তই ভগৱানৰ আৱিৰ্ভাব হোৱা বুলি অপপ্ৰচাৰ চলাই উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল। মমীন আলীয়ে নিজৰ ঘোঁৰা দুটা নিবলৈ স্থানীয় চৰকাৰী গাঁওবুঢ়াক লগত লৈ কালি অৰ্থাৎ সোমবাৰে জালুকবাৰী গাঁৱত উপস্থিত হোৱাৰ পিছত এই ঘোঁৰা দুটা তেওঁৰ বুলি নিশ্চিত হয়।পৰবৰ্তী সময়ত মমিন আলীয়ে উক্ত ঘোঁৰা দুটা চমজি লৈ ঘৰলৈ লৈ যায়।ইয়াৰ পিছতে যৱনিকা পৰে ভগৱানৰূপী বগা ঘোঁৰাৰ এক ৰহস্যময় পৰিৱেশৰ।উল্লেখযোগ্য যে আজি কেইবাদিনো ধৰি একাংশ ৰাইজে এয়া ভগৱানৰ আৰ্ৱিভাব বুলি প্ৰচাৰ কৰি ঘোঁৰা দুটা সন্মুখত আঁঠু কাঢ়ি মাটিত বাগৰি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল ।আনকি একাংশ অন্ধভক্তই চেলেং,গামোচা, ধূপ-ধুনা আদিৰে পূজা অৰ্চনা আগবঢ়াইছিল।

Leave A Reply