বিবাহ বিচ্ছেদৰ বাবে আবেদন ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মেৰিনৰ! ক’লে “আমি বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিম।”

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মেৰিনে বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰে। ফিনলেণ্ডৰ বিদায়ী প্ৰধানমন্ত্ৰী ছানা মেৰিনে স্বামী মাৰ্কাছ ৰাইকোনেনৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে। ইনষ্টাগ্ৰামত তেওঁলোকে কয় যে, “আমি ১৯ বছৰ একেলগে কটোৱা আৰু আমাৰ মৰমৰ কন্যাৰ বাবে কৃতজ্ঞ। আমি বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিম।” ৩৭ বছৰীয়া মেৰিনে ২০১৯ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী আছিল।


বুধবাৰে (১০ মে’) ঘোষণা কৰে যে তেওঁ আৰু তেওঁৰ স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে। শেহতীয়াকৈ সাধাৰণ নিৰ্বাচনত বিপৰ্যয়ৰ পিছত মেৰিনে ছেপ্টেম্বৰ মাহত ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৈছিল। পৃথকে পৃথকে ইনষ্টাগ্ৰামত মেৰিন আৰু তেওঁৰ স্বামী মাৰ্কাছ ৰাইকোনেনে লিখিছে, “আমি ১৯ বছৰ একেলগে কটোৱা আৰু আমাৰ মৰমৰ কন্যাৰ বাবে কৃতজ্ঞ। আমি বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিম।”

Related Articles