গুৱাহাটী: Fire Breaks Out গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ অৰ্থ’পেডিক বিভাগত সোমবাৰে পুৱা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত হুৱাদুৱা পৰিস্থিতি সৃষ্টি কৰে। এই অগ্নিকাণ্ডৰ ফলত GMCH ৰ অৰ্থপেডিক বিভাগটো ক’লা ধোঁৱাই আৱৰি ধৰে।
ঘটনাটো প্রকাশ পোৱাৰ লগে লগে ৰোগী, অভিভাৱক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ মাজত আতংক আৰু বিভ্ৰান্তি দেখা দিয়ে। বহু ৰোগীক সুৰক্ষাৰ বাবে অন্যান্য বিভাগলৈ স্থানান্তৰ কৰা হয়।
প্ৰাথমিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক ত্ৰুটিৰ সম্ভাৱনা প্ৰকাশ পাইছে, যদিও এতিয়ালৈকে ইয়াৰ সঠিক কাৰণ নিৰ্ধাৰণ হোৱা নাই। সৌভাগ্যক্ৰমে, এই ঘটনাত কোনো লোক হতাহত হোৱা খবৰ নাই।