Breaking

গোলাঘাটৰ কাবৰুগাঁওত ভয়ংকৰ অগ্নিকাণ্ড

0 79

গোলাঘাটৰ কাবৰুগাঁওত ভয়ংকৰ অগ্নিকাণ্ড; কথমপি প্ৰাণৰক্ষা এটি পৰিয়ালৰ । বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত গোলাঘাটৰ কাবৰুগাঁওত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। জানিব পৰা মতে ভবেন ভৰালীৰ পৰিয়ালটো শুই থকা অৱস্থাতে বৈদ্যুতিক বিজুতিৰ ফলত জুইৰ সুত্ৰপাত হয়।

জুই লেলিহান শিখাই আগুৰি ধৰা পূৰ্বেই দুৰ্ভগীয়া পৰিয়ালটো ঘৰৰ পৰা ওলাই যোৱাত কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখযোগ্য যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও ইতিমধ্যে ঘৰটোৰ লগতে সকলো সা-সম্পত্তি সম্পূৰ্ণৰূপে জুইত জাহ যায়।

অনুমান কৰা মতে প্ৰায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ। পৰিতাপৰ কথা ঘৰৰ বাহিৰত থকা এখন বাইক আৰু চাইকেলো জুইত ভস্মীভূত হয়। পৰিয়ালটোৰ এনে দুৰ্ঘটনাত একেবাৰে বিধ্বস্ত হৈ পৰাৰ লগতে এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave A Reply