Breaking

বঙাইগাঁৱৰ খেলুৱাপাৰা দ্বিতীয় খণ্ড সুতিৰমুখ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড…

0 58

চাপৰৰ পাৰ্শ্বৱৰ্তী বঙাইগাঁও জিলাৰ খেলুৱাপাৰা দ্বিতীয় খণ্ড সুতিৰমুখ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে ছাৰখাৰ এটা পৰিয়ালৰ বাসগৃহ। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা। এই বিধ্বংসী অগ্নি কাণ্ডৰ ফলত জুইত পুৰি ছাৰখাৰ হয় গাঁৱখনৰ আব্দুল কাদেৰৰ বাসগৃহ।

লগতে ভস্মিভূত হয় প্ৰয়োজনী নথিপত্ৰ সহ বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে সোন ৰূপৰ আ-অলংকাৰ। প্ৰায় ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত হোৱা বুলি জানিবপৰা গৈছে। উল্লেখ্য যে যাতায়াতৰ সু- ব্যৱস্থা নথকাৰ বাবে ঘটনাস্থলীত যাব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। দীৰ্ঘদিন ধৰি চাপৰস্থিত ধুবুৰী আৰু বঙাইগাঁও জিলা সংযোগী এখন পকী দলঙৰ দাবী জনাই আহিছে স্থানীয় ৰাইজে।

Leave A Reply