লাখেৰাজ জনজাতি হাইস্কুলত ন-খোৱা উৎসৱ

দেৰগাঁৱৰ সমীপবৰ্তী বৰমুকলিস্থ লাখেৰাজ জনজাতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী লগ হৈ ১৩ ডিচেম্বৰত ন-খোৱা উৎসৱ পালন কৰে। অসমীয়া সমাজত পৰম্পৰাগত ভাবে আঘোণ মাহত ন-খোৱা উৎসৱ পালন কৰা হয়। বৰ্তমান সময়ত ন-খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা বহুখিনি হ্ৰাস পোৱাৰ সময়তে ন-খোৱা পৰম্পৰাৰ লগত নতুনচামক চিনাকি কৰোৱাৰ উদেশ্যে বিদ্যালয়ৰ তৰফৰ পৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচী চলি থকাৰ সময়তে মিচিং স্বায়ত্বশাসিত পৰিষদৰ যোৰহাট সমষ্টি আৰু বোকাখাট সমষ্টিৰ কাৰ্যবাহী সদস্য দুগৰাকী, সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া বিদ্যালয়ত আকস্মিক ভাৱে উপস্থিত হৈ বিদ্যালয় খনে পৰম্পৰা ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। এই ন-খোৱা কাৰ্যসূচীত বিদ্যালয় খনৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকে অংশগ্ৰহণ কৰে।

Related Articles