Breaking

অসমত প্ৰথমটো বিদ্যুৎ চালিত ৰেল ইঞ্জিনৰ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা সৰুপেটালৈ পৰীক্ষা মূলক যাত্ৰা

0 2,135

অসমৰ ইতিহাসত আজি সৃষ্টি হ’ল এক নতুন অধ্যায়ৰ ৷ অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে’ল ইঞ্জিন চলিল বঙাইগাঁৱৰ পৰা ৷ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা সৰুপেটা ৰে’ল ষ্টেচনলৈ পৰীক্ষা মূলকভাবে যাত্ৰা কৰিলে অসমৰ প্ৰথমটো বিদ্যুৎ চালিত ৰে’লৰ ইঞ্জিনে ৷ এই বিদ্যুৎ চালিত  ৰে’ল ইঞ্জিনৰ যাত্ৰাৰ নাৰিকল ভাঙি শুভাৰম্ভ কৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে ৷

জানিব পৰা মতে ২০১৬ চনত অসমত প্ৰথম বিদ্যুৎ চালিত ৰে’ল চলাচলৰ বাবে ৰে’ল পথত বিদ্যুতিকৰণৰ কাম আৰম্ভ হয় ৷ তৎকালীন মুখ্য প্ৰকল্প প্ৰৱন্ধক চিটু সিং হাজঙৰ তত্ত্বাৱধানত আৰম্ভ হোৱা এই কাম বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈকে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে আজি এই পৰীক্ষা মূলক যাত্ৰা আৰম্ভ কৰা হয় ৷ উল্লেখ্য যে কাইলৈ একেটা ৰে’ল ইঞ্জিনক বঙাইগাঁৱৰ পৰা ৰঙিয়া লৈকে পুনৰ পৰীক্ষা মূলক ভাবে চলোৱা হ’ব আৰু পৰহি অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত এই ৰে’ল ইঞ্জিনটো পৰীক্ষা মূলক ভাবে  চলোৱা হ’ব বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত ৷ ২৬ ফেব্ৰুৱাৰীত ৰে’লৱে চেফটি কমিচনৰ তত্বাৱধানত ডবা সংযোগ কৰি বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব এই বিদ্যুৎ চালিত ৰে’লখনে ৷ এই পৰীক্ষা মূলক যাত্ৰা সফল হলে অহা মাহৰ পৰা কিছু যাত্ৰীবাহী ৰে’ল ইন্ধনৰ পৰিৱৰ্তে বিদ্যুৎ সংযোগৰে চলোৱাৰ সম্ভাৱনা থকা বুলি ৰে’ল বিভাগৰ এই কামৰ দায়িত্ব লাভ কৰা বিকাশ ইলেক্ট্ৰিক নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী উমেশ  সৰকাৰে জানিবলৈ দিছে ৷ আজিৰ এই পৰীক্ষা মূলক যাত্ৰা আৰম্ভ হয় ল’কো পাইলট মেঘনাথ ব্ৰহ্মৰ নেতৃত্বত ৷ লগতে উপস্থিত থাকে সহকাৰী ল’কো পাইলট শুভ্ৰদ্বীপ পাল ৷  উল্লেখ্য যে বঙাইগাঁৱৰ পৰা প্ৰথমটো বিদ্যুৎ চালিত ৰে’ল ইঞ্জিনৰ যাত্ৰা কৰা কাৰ্যই বঙাইগাঁও বাসী ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ ৰে’লৱে বিকাশ নিগম লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰৱন্ধক গৌতম ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হলে গুৱাহাটীলৈ যাবলৈ সময় কিছু কম লগাৰ লগতে যাত্ৰা আৰামদায়ক হ’ব ৷ লগতে প্ৰদূষণ কম হোৱাৰ লগতে ইন্ধন ব্যয় কমি যাব ৷ ফলত ভাৰতীয় ৰে’ল লাভাম্বিত হ’ব ৷ 

Leave A Reply