Breaking

কাশ্মীৰত নিহত প্ৰথমগৰাকী অগ্নীবীৰ জোৱান…

0 42

এক হৃদয় বিদাৰক ঘটনা ঘটিল কাশ্মীৰত। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ অধীনত ভাৰতীয় সেনা বাহিনীত অস্থায়ী ৰূপে নিয়োজিত এজন অগ্নিবীৰ জোৱানে আজি কাশ্মীৰত প্ৰাণাহুতি দিবলগীয়া হয়। বুধবাৰে কাশ্মীৰ সীমান্তত এজন অগ্নিবীৰ জোৱানক অচিনাক্ত লোকে গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁ উপত্যকাৰ পুঞ্চ জিলাৰ মানকোট চেক্টৰত কৰ্তব্যৰত হৈ আছিল। সৈনিকজনক কেনেকৈ গুলীয়াই হত্যা কৰা হ’ল সেই বিষয়ে বিতং খবৰ এতিয়াও পোৱা হোৱা নাই। জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে মৃতব্যক্তিজনৰ নাম অমৃতপাল সিং। ছমাহৰ প্ৰশিক্ষণৰ পিছত তেওঁ সেনাত যোগদান কৰিছিল।

জোৱানজনক পুঞ্চ জিলাৰ মানকোট চেক্টৰত পাকিস্তান সীমান্তত মোতায়েন কৰা হৈছিল। কাশ্মীৰ আৰক্ষীৰ মতে অমৃতপালক তেওঁৰ নিজৰ বন্দুকেৰেই গুলীয়াই হত্যা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। সৈনিকজনক হত্যা কৰা হৈছে নে তেওঁ আত্মহত্যা কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বহুতে এইবুলি প্ৰশ্ন কৰিছে যে মাত্ৰ ছমাহৰ প্ৰশিক্ষণৰ পিছতে তেওঁক কিয় পাকিস্তান সীমান্তৰ দৰে স্পৰ্শকাতৰ এলেকাত নিয়োজিত কৰা হৈছিল। উল্লেখ্য যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰৰ কম সময়ৰ বাবে সেনাত নিযুক্তিৰ অৰ্থে অগ্নিবীৰ আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিয়ে সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। ম্যাদৰ শেষত যুৱ সৈন্যসকলে কি কৰিব? এয়া পবহতে পৃুত্থাপন কৰা প্ৰশ্ন আছিল। বিভিন্ন মহলৰ পৰা পোৱা চাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ২৫ শতাংশ অগ্নিবীৰৰ ভাৰতীয় সেনাত ৫০ শতাংশ স্থায়ী নিয়োজনৰ কথা ঘোষণা কৰিছিল।

Leave A Reply