Breaking

মানসিক বিকাৰ গ্ৰস্ত লোকক প্রথম পালি ক’ভিড ভেকচিন প্ৰদান

0 2,047

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ১৮ নভেম্বৰ ২০২১তাৰিখলৈ ৮৮দিন  ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে আনহাতে  ১৮নবেম্বৰত  পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় ভেকচিনেচন কেন্দ্ৰত ৯০ গৰাকীক আৰু ঘৰে‌ ঘৰে গৈ ১৩গৰাকীক প্ৰথম পালি ভেকচিন প্ৰদান কৰে আৰু  যি সকল ব্যক্তিয়ে ভেকচিনেচন কেন্দ্ৰত  আহিব পৰা নাই ,যেনে পক্ষাঘাত ৰোগী , মানসিক ভাবে বিকাৰ গ্ৰস্ত, ৮০ /,৯০ বছৰ বয়সৰ  ঊৰ্ধৰ লগতে  অসুস্থ ব্যক্তিৰ ঘৰে‌ ঘৰে গৈ স্বাস্থ্যৰ বুজলৈ ভেকচিন প্ৰদান কৰা হৈছে।আনহাতে মধুমেহ ৰোগী, জ্বৰ হৈ ঘৰত বহি থকা  ব্যক্তি সকলক এম,পি,ডব্লিউৰ (MPW) সহায়ত শৰীৰৰ উষ্ণতা  ,ছুগাৰ পৰীক্ষা কৰি প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে। আজিলৈ দুয়ো পালি ধৰি সৰ্বমুঠ ৭৮৫০ জন হিতাধীকাৰীক ভেকচিন প্ৰদান  সম্পূৰ্ণ ।  পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অঞ্চলৰ সকলো  জনসাধাৰনক প্ৰথম পালি ভেকচিন ২১ নভেম্বৰ ২০২১ ভিতৰত গ্ৰহণ কৰিবলৈ স্বাস্থ্যকৰ্মী সকলে  আহবান জনাইছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ‌ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয় অঞ্চলৰ ওচৰৰ  দুখন গাওঁ ওদালগুৰি নেপালী গাওঁ আৰু ওদালগুৰি মৈমেনসিং গাওঁত আশা কৰ্মী  ৰমিছা বেগম আৰু জৰিনা বেগম লগত লৈ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী  MPW বীৰেন্দ্ৰ হাজং, এ এন এম মুনু দাস, জি এন এম ৰীছা দৈমাৰী আৰু ৰিংকু দৈমাৰী ঘৰে ঘৰে‌ গৈ ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হয়। স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা যায়।

Leave A Reply