Breaking

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন : তুমুল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ-তপন কুমাৰ গগৈ…

0 21

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ঃ প্ৰেক্ষাপটত ১৯৫২ – ২০২৪ চনলৈ যোৰহাট লোকসভা সমষ্টি
তুমুল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ-তপন কুমাৰ গগৈ

অসমৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ আৰু সম্ভ্ৰান্ত সংসদীয় সমষ্টি হিচাপে পৰিগণিত হৈ আহিছে যোৰহাট লোকসভা সমষ্টি। উল্লেখ্য যে এসময়ত এই যোৰহাট সমষ্টি আছিল অসমৰ ৰাজনীতিৰ নাভিকেন্দ্ৰ স্বৰূপ। কিয়নো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ পৰাই প্ৰয়াত তৰুণ গগৈৰ দৰে প্ৰবীণ ৰাজনীতিবিদে ২০০১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে ১৫ বছৰ ৰাজ্যৰ শাসনভাৰ চলোৱাৰ উপৰিও সংসদীয় সমষ্টিটোৰ পৰাই হিতেশ্বৰ শইকীয়া, বিমলাপ্ৰসাদ চলিহাৰ দৰে নেতাইও মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। তদুপৰি প্ৰয়াত দেবেশ্বৰ শৰ্মা, খগেন বৰবৰুৱা, দুলাল চন্দ্ৰ বৰুৱা, তৰুণ গগৈ, বিজয়কৃষ্ণ সন্দিকৈ, পৰাগধৰ চলিহা, দেৱ কুমাৰ বৰাৰ দৰে ৰাজ্যৰ দ্বিগ্গজ ৰাজনীতিকৰ বাবে যোৰহাট সংসদীয় সমষ্টিয়েই ৰাজনীতিৰ আখৰা থলী আছিল । কালিলৈ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ১৪ নং যোৰহাট লোকসভা সমষ্টিতো ভোট যুদ্ধলৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ। উল্লেখ্য যে ৰাজ্যৰ আন চাৰিটা লোকসভা সমষ্টিৰ লগতে যোৰহাট সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে সম্ভ্ৰান্ত সমষ্টিটো দখল কৰিবৰ বাবে সকলো ৰাজনৈতিক দলেই সাজু । অৱশ্যে সেয়ে হ’লেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাজুলী বিধানসভা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ লগতে নৱগঠিত ডিমৌ বিধানসভা সমষ্টিয়েও সংসদীয় সমষ্টিটোৰ পূৰ্বৰ সৰল ৰাজনৈতিক সমীকৰণত যে এইবাৰ আউল লগাব সেই কথাও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। মন কৰিব লগীয়া যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নাজিৰা, তিতাবৰ আৰু মাজুলী নিৰ্বাচনী জিলাৰ মুঠ দহটা বিধানসভা সমষ্টি ক্ৰমে ৯৩ নং সোণাৰি, ৯৪ নং মাহমৰা, ৯৫ নং ডিমৌ, ৯৬ নং শিৱসাগৰ, ৯৭ নং নাজিৰা, ৯৮ নং মাজুলী, ৯৯ নং টীয়ক, ১০০ নং যোৰহাট, ১১১ নং মৰিয়নী আৰু ১০২ নং তিতাবৰ সমষ্টি সামৰি গঠিত হৈছে যোৰহাট লোকসভা সমষ্টি। উল্লেখ্য যে এইবাৰ যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭,১৮,২৭২ গৰাকী। ইয়াৰে ৮,৮৬,৭৫৪ জন পুৰুষ, ৮,৭১,৫১৬ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ২ জন।

আশীৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা ১৭,১৭৮ জন। আনহাতে, এশ বছৰৰ ওপৰৰ ভোটাৰৰ সংখ্যা ১১৫ গৰাকী। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা ১২,২৬৫ গৰাকী। ১৮-১৯ বছৰৰ যুৱ ভোটাৰৰ সংখ্যা ২৯,৪৬২ গৰাকী। আনহাতে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত সোণাৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭০,৮৭৯। ইয়াৰে ৮৪,৩৬৭ গৰাকী পুৰুষ আৰু ৮৬,৫১২ গৰাকী মহিলা। মাহমৰা বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪৭,৬৬৭ গৰাকী। ইয়াৰে ৭২,৪৯৭ গৰাকী পুৰুষ আৰু ৭৫,১৭০ গৰাকী মহিলা ভোটাৰ। ডিমৌ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭৬,২১৮ গৰাকী। ইয়াৰে ৮৭,৩২৬ গৰাকী পুৰুষ আৰু ৮৮,৮৯২ গৰাকী মহিলা। শিৱসাগৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,০৭,৬০৫ গৰাকী। ইয়াৰে ১,০২,৭৭২ গৰাকী পুৰুষ, ১,০৪,৮৩২ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ। নাজিৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৭৮,৭৬৬ গৰাকী। ইয়াৰে ৮৭,৬৮৮ গৰাকী পুৰুষ, মহিলা ভোটাৰৰ সংখ্যা ১১,০৭৭ গৰাকী আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। মাজুলী বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৩৯,৮৬৯। ইয়াৰে পুৰুষৰ সংখ্যা ৭১,১৮৫ আৰু মহিলা ৬৮,৬৮৪ গৰাকী। টীয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৯২,২০৬ গৰাকী। ইয়াৰে পুৰুষৰ সংখ্যা ৯৪,৫৪৫ আৰু মহিলা ৯৭,৬৬১ গৰাকী। যোৰহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪৬,৭৩১। ইয়াৰে পুৰুষৰ সংখ্যা ৭০,৮৯৫ আৰু মহিলা ৭৫,৮৩৬ গৰাকী। মৰিয়নী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৬২,৫৪২ গৰাকী। ইয়াৰে পুৰুষৰ সংখ্যা ৮০,১২৯ আৰু মহিলা ৮২,৪১৩ গৰাকী। তিতাবৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৯৫,৭৮৯। ইয়াৰে পুৰুষৰ সংখ্যা ৯৫,৩৫০ আৰু মহিলা ১,০০,৪৩৯ গৰাকী। পৰ্যালোচনা কৰিলে দেখা যায় যে যোৰহাট লোকসভা সমষ্টিটো বিগত দহবছৰ ধৰি বিজেপিৰ হাতত আছে যদিও অধিকাংশ সময়েই কংগ্ৰেছৰ দখলত আছিল। অৱশ্যে ইয়াৰ মাজতে ১৯৫২ চনত প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টীৰ ৰাজেন্দ্ৰ নাথ বৰুৱা আৰু ১৯৮৫ চনত অসম গণ পৰিষদ দলৰ পৰাগধৰ চলিহা যোৰহাট লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল। আনহাতে কংগ্ৰেছ দলৰ প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈয়ে ১৯৯১ চনত সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে ১৯৯৬, ১৯৯৮, ১৯৯৯, ২০০৪ আৰু ২০০৯ লৈকে মুঠ ছবাৰকৈ সমষ্টিটোত ধাৰাবাহিকভাৱে প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ বিপৰীতে ১৯৭১ আৰু ১৯৭৭ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দুবাৰকৈ যোৰহাটৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। উল্লেখ্য যে তৰুণ গগৈয়ে ১৯৭১ চনত চি পি আই প্ৰাৰ্থী খগেন বৰবৰুৱাক আৰু ১৯৭৭ চনত ভাৰতীয় লোক দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱাক পৰাভূত কৰিছিল। ইপিনে কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়কৃষ্ণ সন্দিকৈ ১৯৮৫ চনৰ অগপৰ প্ৰৱল ঢৌৰ পৰিপ্ৰেক্ষিতত পৰাগধৰ চলিহাৰ হাতত শোচনীয়ভাবে পৰাজিত হৈছিল। অৱশ্যে ইয়াৰ পাছত ১৯৯১ চনৰ পৰা বিজয়কৃষ্ণ সন্দিকৈয়ে সমষ্টিটোত বিজয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখে। ১৯৯১ চনত সন্দিকৈয়ে ৮৫ ৰ শোচনীয় পৰাজয়ৰ পোটক তোলে। ১৯৯১ চনত বিজয়কৃষ্ণ সন্দিকৈয়ে অগপ প্ৰাৰ্থী পৰাগৰৰ চলিহাক শোচনীয়ভাবে পৰাজিত কৰে। সেইবাৰ বিজয়কৃষ্ণ সন্দিকৈয়ে ২,৩৯,৩৬৯ টা ভোট লাভ কৰাৰ বিপৰীতে পৰাগধৰ চলিহাই লাভ কৰিছিল ১,২৮,৭০৬ টা ভোট। ১৯৯৬ চনত কংগ্ৰেছৰ প্ৰাৰ্থী সন্দিকৈয়ে অগপৰ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইক পৰাজিত কৰিছিল। সেই নিৰ্বাচনত সন্দিকৈয়ে ৩,১১,৫৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে বুঢ়াগোহাঁইয়ে লাভ কৰিছিল ২,৬৪,৩৯৯ টা ভোট। ১৯৯৮ চনত বিজয়কৃষ্ণ সন্দিকৈয়ে অগপৰ দেৱকুমাৰ বৰাক পৰাস্ত কৰিছিল। সন্দিকৈয়ে ২,১৬,৪০৬ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰয়াত দেৱকুমাৰ বৰাই লাভ কৰিছিল কেবল মাত্ৰ ৫৪.৩৯৭ টা ভোটহে। ১৯৯৯ চনত সন্দিকৈৰ হাতত পৰাজয় বৰণ কৰিছিল বিজেপিৰ জানকী নাথ সন্দিকৈয়ে। জানকী নাথ সন্দিকৈয়ে ২,০৫,৩৩০ টা ভোট লাভ কৰাৰ বিপৰীতে সন্দিকৈয়ে লাভ কৰিছিল ৩,০৪,৬৯০ টা ভোট। ২০০৪ চনত বিজয়কৃষ্ণ সন্দিকৈয়ে চি পি আই প্ৰাৰ্থী দ্ৰুপদ বুঢ়াগোহাঁইক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। সেই নিৰ্বাচনত সন্দিকৈয়ে লাভ কৰিছিল ২,২৩,৫২৪ টা ভোট আৰু দ্ৰুপদ বুঢ়াগোহাঁইয়ে লাভ কৰিছিল ১,৭২,৩৩২ টা ভোট। ২০০৪ চনত নিৰ্বাচনত সন্দিকৈৰ হাতত পৰাজিত হৈছিল বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হাতত। কামাখ্যা প্ৰসাদ তাছাই ২,৯০,৪০৫ টা ভোট লাভ কৰাৰ বিপৰীতে সন্দিকৈয়ে লাভ কৰিছিল ৩,৬২,৩২০ টা ভোট।

উল্লেখ্য যে ২০০৯ চনৰ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত পুনৰ মুখ ঠেকেচা খাইছিল চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আটছা এৰি গেৰুৱা বসন পিন্ধা কামাখ্যা প্ৰসাদ তাছাই। সেই বৰ্ষত কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। ২০০৯ চনত যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১১,৮২,৩৪৯ গৰাকী। ভোটদান সাব্যস্ত কৰিছিল ৭,৬৩,৪৫৫ গৰাকীয়ে। ইয়াৰ ভিতৰত কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈয়ে ৩,৬২,৩২০ টা আৰু বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছিল ২,৯০,৪০৬ টা ভোট। একেদৰে ২০১৪ চনত যোৰহাট সংসদীয় সমষ্টিত ভোটাৰৰ সংখ্যা আছিল ১১,৮৯,৪৮৬ গৰাকী। ভোটদান সাব্যস্ত কৰিছিল ৯,৩১,৩৩৬ গৰাকীয়ে। ইয়াৰে ৪,৫৬,৪২০ টা ভোট লাভ কৰি বিজয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা। বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়কৃষ্ণ সন্দিকৈয়ে লাভ কৰিছিল ৩,৫৪,০০০ টা ভোট। ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা বিজয়ী হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ বিজেপিত যোগদান কৰা তপন কুমাৰ গগৈয়ে। তপন কুমাৰ গগৈয়ে পৰাস্ত কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক। উল্লেখ্য যে ২০১৯ চনত যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৩,৬৫,০৩৫ গৰাকী। ভোটদান সাব্যস্ত কৰিছিল ১০,৫৭,৯৬৫ গৰাকীয়ে। ইয়াৰে তপন কুমাৰ গগৈয়ে ৫,৪৩,২৮৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে লাভ কৰিছিল ৪,৬০,৬৩৫ টা ভোট। উল্লেখ্য এয়ে যে, যোৰহাট লোকসভা সমষ্টিত বিগত দিনত বিশেষকৈ আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয় ভোটাৰেই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। পৰিসংখ্যা অনুসৰি জানিব পৰা মতে, সমষ্টিটোত প্ৰায় ৫৫ শতাংশৰো অধিক আহোম আৰু চুতীয়া জনগোষ্ঠীৰ ভোটাৰ থকাৰ বিপৰীতে ৩০ শতাংশৰো অধিক চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ ভোটাৰ আছে। সংসদীয় সমষ্টিটোৰ অন্তৰ্গত আহোম জনগোষ্ঠীয় প্ৰধান বিধানসভা সমষ্টিকেইটা হ’ল শিৱসাগৰ, নাজিৰা, মাহমৰা আৰু ডিমৌ। তদুপৰি টীয়ক, মৰিয়নী, তিতাবৰ সমষ্টিটো আছে সীমিতসংখ্যক আহোম সম্প্ৰদায়ৰ ভোটাৰৰ বিপৰীতে চুতীয়া জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। ইপিনে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত আছে ডেৰশৰো অধিক চাহ বাগিচা। এই ডেৰশখন চাহ বাগিচাত থকা চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা হ’ল ৪ লাখৰো অধিক। আনহাতে ২০১১ চনৰ লোকপিয়ল অনুসৰি সমষ্টিটোত শিক্ষিত ভোটাৰৰ হাৰ হ’ল ৭১.৫২ শতাংশ। একেদৰে যোৰহাট লোকসভা সমষ্টিত মুছলমান সম্প্ৰদায়ৰ ভোটাৰ আছে ৮.২ শতাংশ, অনুসূচিত জাতি সম্প্ৰদায়ৰ ভোটাৰৰ সংখ্যা হ’ল ৪.৭ শতাংশ আৰু অনুসূচিত জনজাতি ভোটাৰৰ সংখ্যা হ’ল ৪.৮ শতাংশ। সমষ্টিটোত গ্ৰামাঞ্চলৰ ভোটাৰৰ সংখ্যা হ’ল ৮৩.৪ শতাংশ আৰু নগৰীয়া অঞ্চলৰ ভোটাৰৰ সংখ্যা হ’ল ১৬.৬ শতাংশ। আনহাতে যোৰহাট লোকসভা সমষ্টিটো শাসনাধিষ্ঠিত বিজেপিৰ দখলত থাকিলেও সমষ্টিটোৰ অন্তৰ্গত তিতাবৰ আৰু নাজিৰা বিধানসভা সমষ্টি দুটা কংগ্ৰেছৰ হাতত থকাৰ বিপৰীতে শিৱসাগৰ সমষ্টিটো আছে ৰাইজৰ দলৰ দখলত। তদুপৰি সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্ত হোৱা আমগুৰিৰ লগতে টীয়ক বিধানসভা সমষ্টি আছে মিত্ৰদল অগপৰ হাতত। বিজেপিৰ নিজৰ বুলিবলৈ আছে মাত্ৰ পাঁচটা বিধান সভা সমষ্টিহে। উল্লেখ্য যে বিজেপিৰ এই পাঁচটা সমষ্টিৰ ভিতৰত এইবাৰ মাজুলী বিধানসভা সমষ্টিটো যোৰহাট সংসদীয় সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। পূৰ্বে মাজুলী লক্ষীমপুৰ সংসদীয় সমষ্টিৰ লগত চামিল হৈ আছিল।

গুৰুত্বপূৰ্ণ বিষয় যে যোৰহাট সংসদীয় সমষ্টিটোত বিশেষকৈ আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে যদিও এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা মাজুলী বিধান সভা সমষ্টিৰ ১,৩৯,৮৬৯ গৰাকী ভোটাৰেও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কিয়নো মাজুলী বিধানসভা সমষ্টিত মিচিং জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা সৰ্বাধিক হোৱাৰ উপৰিও ইয়াৰ সত্ৰসমূহৰো বিশেষ ভূমিকা আছে। ইতিমধ্যে অসম্পূৰ্ণ বিধ্বস্ত এই সমগ্ৰ পথছোৱাত যোৱা পাঁচটা বছৰত দুৰ্ঘটনাত পতিত হৈ কুৰিৰো অধিক লোকৰ মৃত্যু হোৱাৰ উপৰিও শতাধিক লোক আহত হৈছে। একেদৰে যোৰহাট জিলাৰ মৰিয়নী আৰু সোণাৰি, বিহুবৰৰ অসম-নগালেণ্ডৰ সীমা সমস্যাৰ আজি পৰ্যন্ত সমাধান নোলাল। ইফালেদি যোৰহাট জিলাৰ বাট-পথসমূহৰ কিছু উন্নয়ন হ’ল যদিও বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰা, গেলেকী আৰু মাহমৰা বিধান সভা সমষ্টিৰ গ্ৰামাঞ্চলৰ বাট-পথ যোৱা পাঁচটা বছৰে মানুহ চলাফিৰা কৰিব পৰাকৈ আজিও উন্নত নহ’ল। আনহাতেদি সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নিমাতী, ককিলামুখ আৰু জাঁজীমুখৰ বান-খহনীয়া সমস্যা আজিও সমাধান নহ’ল। ইয়াৰ বিপৰীতে নিমাতীৰ গৰাখহনীয়া এচামৰ বাবে চৰকাৰী ধন লুণ্ঠনৰ থলীহে হৈ পৰিল। একেদৰে সমষ্টিটোৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৱে বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাবাসীক বিগত পাঁচবছৰে জীয়াতু ভোগাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ উন্নীত কৰি ২০১৪ চনতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু বহুকেইটা প্ৰতিষ্ঠানক ঠিকা দিয়াৰ পাছতো এনএইচআইডিচিএলে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈ আৰু জাঁজীৰ পৰা ডিমৌলৈ এই পথছোৱাৰ নিৰ্মাণকাৰ্য আজিও সম্পূৰ্ণ হৈ নুঠিল। স্বাভাৱিকতে সমষ্টিটোৰ সমস্যাসমূহ সমাগত লোকসভা নিৰ্বাচনত এতিয়া ভোটাৰৰ মনলৈ আহিছে। যি কি নহওক এনেসমূহ সমস্যাৰ মাজতে ভোটাৰ ৰাইজে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত ইভিএমৰ বুটাম টিপি ঠিৰাং কৰিব এইবাৰ দিল্লীৰ দৰবাৰলৈ সম্ভ্ৰান্ত যোৰহাট সমষ্টিৰ পৰা কাক নিৰ্বাচিত কৰি পঠাব। অৱশ্যে যুৱ প্ৰজন্মৰ বাবে গৌৰৱ গগৈ পচন্দৰ প্ৰাৰ্থী বুলি চৰ্চা লাভ কৰাৰ বিপৰীতে বিশেষকৈ যোৰহাট জিলাত বিজেপিৰ জিলা সভাপতিগৰাকীৰ লবীকেন্দ্ৰিক ৰাজনীতিয়ে বিজেপিৰ বহু নিষ্ঠাবান ক্ষোভিত কাৰ্যকৰ্তাই গৌৰৱ গগৈৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিলেও আচৰিত হ’ব লগা নহ’ব।
অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত এতিয়া সৰ্বত্ৰ চৰ্চিত যোৰহাট লোকসভা সমষ্টি। দুই হাইপ্ৰফাইল নেতা কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি-অগপ মিত্ৰ দলৰ তপন কুমাৰ গগৈৰ মাজত যে এখন তুমুল নিৰ্বাচনী যুদ্ধ হ’ব সেয়া ধুৰূপ।

Leave A Reply