শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ খেলুৱা শিক্ষা খণ্ডৰ বকতা সমল কেন্দ্ৰ পশ্চিম বস্তি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ স্বাস্থ্য জনিত কাৰণত ব্যৱহাৰ হোৱাকৈ অসমৰ ভিতৰত প্ৰথমটো আছুতীয়া কোঠা লগতে আন দুটা শ্ৰেণী কোঠা আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ শুভল্ষ্মী ৰাজকুমাৰী । চি আৰ চি চি জুবেদ আলি প্ৰধান শিক্ষক ৰবিন ফুকনৰ এনে ধৰণৰ সৃজনশীল কামৰ বাবে বিদ্যালয় খনে এক নতুন গতি প্ৰদান কৰিলে,যিহেতু ৰ্বতমান কভিড পৰিস্থিতি মাজত এনেধৰণৰ আচুতীয়া কোঠাৰ প্ৰয়োজনীয় হৈ পৰিছে, আনহাতে বিদ্যালয় সমূহত কেতিয়াবা প্ৰাত সভাত ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰী হঠাৎ অসুস্থ হৈ পৰে তেন অৱস্থাত শ্ৰেণী কোঠাত ৰাখিব লগীয়া হয়, কিন্তু এটি যদি আচুতীয়া কোঠা থাকে তেনেস্থলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী উপকৃত হব, আৰু এই দিশত বিদ্যালয় খনে এটি সুন্দৰ নিৰ্দশন দাঙি ধৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে।আজি বিদ্যালয় খনত শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া ড০ শুভলষ্মী ৰাজকুমাৰীয়ে শুভ উদ্ধোধন কৰা আচুতীয়া কোঠাত এখন বিচনা প্ৰাথমিক চিকিৎসাৰ বাবে ঔষধ, জৰুৰী কালীন সেৱাৰ কিছুমান ফোন নম্বৰৰ তালিকা সহ বিদ্যালয় লগত জড়িত কিছু বিশেষ ব্যক্তিৰ তালিকা, ইয়াৰ পিছতে জিলা প্ৰাথমিক শিক্ষা বিষয়াই চৰকাৰ তৰফৰ পৰা প্ৰেৰণ কৰা ১৬ টা কৈ কম্পিউটাৰ সংলগ্ন শ্ৰেণী কোঠা শুভ উদ্ধোধন কৰে ইয়াৰ পিছত খেলুৱা শিক্ষা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈক শ্ৰেণীৰ এটি শ্ৰেণী কোঠা আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে। জিলা প্ৰাথমিক বিদ্যালয় খনৰ প্ৰধান শিক্ষক ,চি আৰ,চি চি আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ গঠনমূলক কামৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে। খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই ৰাজ্য খনৰ ভিতৰত এই বিদ্যালয় এখন শ্ৰেষ্ঠ বিদ্যালয় হৈ পৰক বুলি নিজৰ ভাষন প্ৰসংগত ব্যক্ত কৰে,শুভ উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয় তৰফৰ পৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ শুভল্ষ্মী ৰাজকুমাৰী ,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈ, জিলা আচঁনি বিষয়া অসীম বৰুৱা, জিলা প্ৰগেমাৰ নৱজ্যোতি বুঢ়াগোহাঁইৰ লগতে উপস্থিত অতিথি সকলক সম্বন্ধনা জনায় । আনহাতে যি সমূহ বিদ্যালয়ত আন্ত গাঠনিৰ সুবিধা আছে তেনে বিদ্যালয়ত বৰ্তমান পৰিস্থিতিত এনে ধৰনৰ আচুতীয়া কোঠাৰ প্ৰয়োজনীয়তা আছে বুলি সচেতন মহলে ব্যক্ত কৰিছে।

