মোৰাঝাৰৰ বুৰুঙাতলিত সংঘটিত হয় এই মাছ চুৰিৰ ঘটনা।
মীন পালনৰ ফিচাৰীৰ পৰা প্ৰায় ডেৰ লাখ টকাৰ মাছৰ পোনা চুৰি হোৱাৰ অভিযোগ উত্থাপিত কৰি চুফিয়ান আহমেদ নামৰ লোকজনে মোৰাঝাৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে।
ভুক্তভোগীৰ অভিযোগ অনুসৰি পাচঁ লাখ মাছৰ পোনা পোহি থকা পুখুৰীটোৰ পৰা স্থানীয় আজিজুল হক আৰু আব্দুল হাফিজে মাছৰ পোনা কেইটা চুৰি কৰি লৈ যায়।
উল্লেখ যোগ্য যে বুৰুঙাতলি গাঁৱৰ তাজ উদ্দিনৰ পুখুৰী লিজত লৈছিল বান্দৰমেলাৰ চুফিয়ান আহমেদে৷ আৰু ৰহস্যজনক ভাৱে স্থানীয় আজিজুল হক আৰু আব্দুল হাফিজে উক্ত পুখুৰীত জাল মেলি মাছ চুৰি কৰি লৈ যায়।
ইতিমধ্যে মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰে ব্যৱহাৰ কৰা জালখন জব্দ কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত৷

