Breaking

বোকাখাতত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পাঁচ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…

0 58

বোকাখাতত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ পাঁচ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে দ্যা আছাম ৰাইজিং’, ‘ঘৰে ঘৰে সাপ্তাহিক আলোকপ্ৰভঞ্জন’ আৰু ‘ঘৰে ঘৰে ডি বি নিউজ’ৰ লক্ষ্যৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসমৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিলৈ ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ জড়িয়তে যি সম্বৰ্ধনা কাৰ্যসূচীৰ সংকল্প লোৱা হৈছে, তাৰ সৈতে সংগতি ৰাখি বোকাখাততো এলানি সম্বৰ্ধনা কাৰ্যসূচী সম্পন্ন হয়। সমাজৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা কিছু সংখ্যক প্ৰচাৰ বিমুখ বিশিষ্ট ব্যক্তিক নিজ নিজ গৃহলৈ গৈ অনাড়ম্বৰভাৱে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উদ্দেশ্যে আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা অসম চৰকাৰৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক মহেন শইকীয়াক সম্বৰ্ধনা জনায় চচাইটিৰ অধীনত প্ৰকাশিত ‘দৈনন্দিন বাৰ্তা’ৰ বোকাখাতৰ সংবাদদাতা অজন্তা তালুকদাৰে।

অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য গগৈ, আটচাৰ বোকাখাত শাখাৰ সভাপতি অমৃৎ সাগৰকো একোখনিকৈ ফুলাম গামোচাৰে ওলগ জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচীত মহেন শইকীয়াৰ কিছু সংখ্যক সহকৰ্মী শিক্ষক উপস্থিত থাকে। সম্বৰ্ধনা প্ৰাপক শইকীয়াইও ক্ৰমে বুবুল দত্ত আৰু অজন্তা তালুকদাৰক ওলগ জনায়। আনহাতে ১০ মাৰ্চত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা তথা অসমৰ বিশিষ্ট গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ ড° ৰুবী বৰাক সম্বৰ্ধনা জনোৱা হয়। ড° বৰাৰ গৃহত সাংবাদিক প্ৰণৱ শইকীয়াৰ লগতে উপস্থিত আছিল বিশিষ্ট যুৱ নাট্যকাৰ-নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ড° বৰাৰ জ্যেষ্ঠা ভগ্নী ৰুমী বৰা, বিশিষ্ট ক্ৰীড়াকৰ্মী তথা ড° বৰাৰ ভাতৃ মনোজ বৰা আৰু পত্নী ৰীতা বৰা, বিশিষ্ট ধাৰাভাষ্যকাৰ, সাংস্কৃতিককৰ্মী তথা অভিলাস প্ৰকশনৰ সম্পাদক ৰূপজ্যোতি ভড়ালী, শিক্ষক জয়ন্ত বৰি আদি। ৯ মাৰ্চত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা বিশিষ্ট ক্ৰীড়া সংগঠক, ক্ৰীড়াকৰ্মী, ক্ৰীড়া গ্ৰন্থকাৰ সুবোধ বৰাক সম্বৰ্ধনা জনোৱা হয়।

উপস্থিত আছিল বৰাৰ পত্নী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী, নাৰী সংগঠক শেৱালী খনিকৰ বৰাৰ লগতে সাংবাদিকদ্বয় দিব্যজ্যোতি হাজৰিকা আৰু মৃদুস্মিতা শৰ্মা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতা, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা নিভা ননী বৰুৱা, একেখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰিক শ্ৰীমন্ত মাধৱ বৰা, গণশক্তিৰ বোকাখাতৰ সভাপতি দিগন্ত কুটুম, বৰাৰ পৰিয়ালৰ লগতে কিছু সংখ্যক বোকাখাতৰ গণ্যমান্য শুভাকাংক্ষী ব্যক্তি।

একেদিনাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈদ্বয় বিশাল চাংমাই আৰু বিক্ৰম চাংমাইৰ মাতৃ তথা বিশিষ্ট মহিলা ব্যৱসায়ী মিণ্টুমণি চাংমাইক আদৰ্শ মাতৃৰ সম্বৰ্ধনা জনোৱা হয়। উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ক্ৰমে সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী অনুৰাধা বৰদলৈ, খেলুৱৈদ্বয়ৰ পিতৃ তথা বিশিষ্ট ক্ৰীড়াকৰ্মী শান্তনু চাংমাই, আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ চচাইটিৰ আন গৰাকী সম্বৰ্ধনা প্ৰাপক সুবোধ বৰা, বোকাখাত সন্ধানী লেখিকা

সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা শান্তি দত্ত বৰদলৈ, কবি-সাংবাদিক মৃদুস্মিতা শৰ্মাৰ লগতে চাংমাইৰ নিকট আত্মীয় স্বজন আৰু কেইবাগৰাকীও স্থানীয় গণ্যমান্য শুভাকাংক্ষী ব্যক্তি। কাৰ্যসূচীত ক্ৰীড়াকৰ্মী শান্তনু চাংমাইক এখনি ফুলাম গামোচাৰে ওলগ জনায়। উল্লেখ্য যে অলপতে একে সম্বৰ্ধনা কাৰ্যসূচীৰ অধীনত বিশিষ্ট কবি, লেখিকা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰকো ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞি আৰু বোকাখাতৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত বৰঠাকুৰৰ বোকাখাতৰ নিজা বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সমূহ সম্বৰ্ধনাত আছিল ‘দৈনন্দিন বাৰ্তা’ৰ টেগ সম্বলিত ফুলাম গামোচা, দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, ডায়েৰী, কেলেণ্ডাৰ আৰু দৈনন্দিন বাৰ্তা, দ্যা আছাম ৰাইজাং আৰু সাপ্তাহিক আলোকপ্ৰভঞ্জনৰ একোটিকৈ প্ৰীতি উপহাৰ। আটাইকেইটা সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে অজন্তা তালুকদাৰে।

Leave A Reply