Breaking

ইফতাৰৰ বাবে ফলমূল কঢ়িয়াই নিয়া সেনাবাহিনীৰ ট্ৰাকক সন্ত্ৰাসবাদীৰ আক্ৰমণ, আক্ৰমণত নিহত ৫ জন, আহত এজন জোৱান। গাঁৱবাসীয়ে পালন নকৰে ঈদ…

0 66

ইফতাৰৰ বাবে সেনাবাহিনীৰ ট্ৰাকে কঢ়িয়াই নিছিল ফলমূল, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৫ জন জোৱান। গাঁৱবাসীয়ে পালন নকৰে ঈদ…! জম্মু কাশ্মীৰৰ পুঞ্চৰ এখন গাঁৱত অনুষ্ঠিত হ’বলগীয়া ইফতাৰ পাৰ্টিৰ বাবে ফলমূল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা সেনাবাহিনীৰ এখন ট্ৰাকক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সংগীত গাঁৱৰ বাসিন্দাসকলে আজি ঈদ উদযাপন নকৰে। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা এই গাঁৱখনৰ ফালে আহি আছিল সেই সেনাবাহিনীৰ ট্ৰাকখন। দৰাচলতে সেই ট্ৰাকখনত সংগীওত অনুষ্ঠিত হ’বলগীয়া ইফতাৰ পাৰ্টিৰ বাবে ফলমূল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।

ট্ৰাকখনে বালাকোটৰ বছুনিস্থিত আৰ আৰ মুখ্য কাৰ্যালয়ৰ পৰা সামগ্ৰী কঢ়িয়াই আনিছিল। আক্ৰমণৰ কিছু সময়ৰ পিছতে ওচৰৰ ভট্টা ডুৰিয়ানৰ পৰা সেনা জোৱান আৰু গাঁৱৰ ৰাইজে সেই স্থানত উপস্থিত হোৱাত পাঁচজন জোৱানৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন এজন জোৱানৰ অৱস্থা সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। এতিয়া সেই গাঁৱবাসীয়ে কৈছে যে ‘আমি ঈদ উদযাপন নকৰো, কেৱল নামাজহে কৰিম’।

শুকুৰবাৰে পুঞ্চ জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত পাঁচজন জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেনা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে। সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ ভিতৰত চাৰিজন পঞ্জাৱৰ, আনহাতে এজন ওড়িশাৰ। এই আক্ৰমণত নিহত হয় লুধিয়ানাৰ হাবিলদাৰ মনদ্বীপ সিং। গুৰদাসপুৰৰ চিপাহী হৰকিষণ সিং, মোগাৰ লেন্স নাইক কুলৱন্ত সিং, বাথিন্দাৰ চিপাহী সেৱক সিং আৰু ওড়িশাৰ পুৰী জিলাৰ লেন্স নাইক দেবাশীষ শ্বহীদ হয়।

Leave A Reply