নগাঁৱৰ কঠিয়াতলীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ

মহামাৰী কোৰোণাই সমগ্ৰ ৰাজ্যজুৰি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো এতিয়া কোভিড–১৯ৰ দ্বিতীয় লহৰে ত্ৰাসৰ সৃৃষ্টি কৰিছে।
জিলাখনৰ কঠিয়াতলীৰ বিভিন্ন স্থানতো এতিয়া কোভিডৰ ব্যাপক সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে। যাৰ বাবে কঠিয়াতলীৰ পাঁচটা স্থানক ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।

কঠীয়াতলীৰ নিজ কঠিয়াতলী, কছাৰী গাঁও, নামবৰ লালুং, ৰেংবেং, শগুণবাহী অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। উক্ত অঞ্চলসমূহত মানুুহৰ অহা–যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আনহাতে কোভিড আক্ৰান্ত পৰিয়ালক চৰকাৰে প্ৰদান কৰা খাদ্য সামগ্ৰী জিলা প্ৰশাসনৰ হৈ বিতৰণ কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ সংগীতা বৰঠাকুৰে।

উল্লেখযোগ্য যে কোভিডৰ নীতি–নিয়ম নমনাৰ বাবেই নগাঁও জিলাৰ কঠিয়াতলীত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছেে কোভিড আক্ৰান্তৰ সংখ্যা৷ সেয়ে সকলো জনসাধাৰণক এতিয়া সজাগ আৰু সচেতন থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে।

Related Articles