শিংগাওঁ মহাপুৰুষীয়া নামঘৰত পাঁচখলপীয়া গুৰুআসন স্থাপন

ওদালগুৰি জিলাৰ শিংগাওঁত শিংগাওঁ মহাপুৰুষীয়া সমাজ নামঘৰত ৩১জুলাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পাঁচখলপীয়া গুৰুআসন এখনি প্ৰতিষ্ঠা কৰে মহাপুৰুষীয়া সমাজৰ মহন্ত জিৰণ দৈমাৰীয়ে।মহাপুৰুষীয়া সমাজৰ একনিষ্ঠা সেৱিকা জয়া বৈশ্যই আগবঢ়োৱা গুৰুআসন খনি প্ৰতিষ্ঠা কৰি মহাপুৰুষীয়া সমাজৰ মহন্ত দৈমাৰীয়ে কয়-গুৰুদুজনাৰ মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ মহাপুৰুষীয়া সমাজৰ নীতি আদৰ্শৰে প্ৰভাৱিত হ’বলৈ সকলোৰে প্ৰতি  আহ্বান জনায়‌। ধৰ্মীয় অনুভূতিৰে আমাৰ সমাজ প্ৰতিস্থা কৰিব পাৰিব লাগিব।যাৰ জৰিয়তে নতুন যুৱ প্ৰজন্মই সংস্কাৰিত হব পাৰিব।গুৰুআসন দান দিয়া আই জয়া বৈশ্যৰ শলাগ লৈ তেওঁৰ পৰিয়ালৰ প্ৰতি আশীৰ্বাদ সূচক বক্তব্য ৰাখে মহন্ত দৈমাৰীয়ে।উক্ত গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকি দাতা জয়া বৈশ্যই কয়- মোৰ পুত্ৰ আৰু নাতিনীৰ মঙ্গলৰ বাবে গুৰু আসন নামঘৰত দান কৰি আহিছো।প্ৰথমখন ২নং গৰৈবাৰী মহানন্দ শাখাত ,দ্বিতীয়খন  তামূলবাৰী ৰামদাস শাখাত আৰু আজি শিংগাওঁ মহানন্দ শাখাৰ নাযঘৰত দিয়া হ’ল।ইয়াৰ জৰিয়তে মোৰ পৰিয়ালৰ লগতে ৰাইজৰ মঙ্গল কামনা কৰিছোঁ।শিংগাওঁ মহাপুৰুষীয়া সমাজ মহানন্দ শাখাৰ সভাপতি হিতেশ ৰাভা আৰু সম্পাদক কনক দৈমাৰীয়ে কয়-জয়া বৈশ্য আই গৰাকীয়ে নামঘৰলৈ গুৰু আসন দান কৰি যি বদান্যতা দেখুৱালে ই সঁচাকৈয়ে আমাৰ মহাপুৰুষীয়া সমাজৰ বাবে আদৰ্শ আৰু গৌৰৱৰ কথা।ইয়াৰ দ্বাৰা ৰাইজ আৰু প্ৰভুভক্ত সকল সন্ত্তুস্ত হোৱা বুলি আশা প্ৰকাশ কৰিছো।হৰিনাম ধ্বনিৰে মুখৰিত হোৱা  ৩১জুলাইৰ  এই গুৰু আসন প্ৰতিষ্ঠা কৰা অনুষ্ঠানত দাতা জয়া বৈশ্য আৰু তেওঁৰ পৰিয়ালক  সম্বৰ্ধনা জনোৱাৰ লগতে মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ সদস্য লোকেন্দ্ৰ ৰাভা,মহানন্দ শাখাৰ সভাপতি বিনু ৰাভা,নামঘৰীয়া ৰবিচন দৈমাৰী,শিংগাওঁ মহাপুৰুষীয়া সমাজ নামঘৰৰ নামঘৰীয়া মণিৰাম ৰাভা আৰু সহযোগী নামঘৰীয়া মনিয়া ৰাভাক সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত শিংগাওঁৰ মহাপুৰীয়া সমাজৰ ২২ টি পৰিয়ালৰ প্ৰায় শতাধিক বাপ-বান্ধৱ,আই-মাতৃ আৰু যুৱক-যুৱতীয়ে অংশ গ্ৰহন কৰে।

Related Articles