Breaking

স্বাধীনতা দিৱসৰ সংগতি ৰাখি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ ফ্লেগমাৰ্চ

0 1,564

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ নেতৃত্বত ১৬ নং আৰু ৮ নং বেটেলিয়নৰ সহযোগত লগতে মাণিকপুৰ আৰক্ষী জোৱান সকলৰ সৈতে মাণিকপুৰ আৰু পাতিলাদহাৰ ৰাজপথৰে শোভাযাত্ৰা কৰে৷স্বাধীনতা দিৱসৰ প্ৰতি সংগতি ৰাখি এনেদৰে মাণিকপুৰ আৰক্ষী থানাৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰি পাতিলাদহা, ধুপুৰী, , আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ মাণিকপুৰ চাৰিআলি হৈ থানা চৌহদত শেষ কৰে। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলনৰ বাবে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যেৰে ফ্লেগমাৰ্চ কৰি শোভাযাত্ৰাৰে প্ৰয়াস কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ পুৰ্বে নিৰাপত্তাৰে অধিক কটকটীয়া কৰি তোলা হৈছে মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত সকলো ঠাইতে। ঠায়ে ঠায়ে তালাচীৰ ব্যৱস্থা কৰিছে যাতে দুষ্ট চক্ৰই কনো ধৰণৰ কূটাঘাত মূলক কাৰ্য সংগঠিত কৰিব নোৱাৰে।

Leave A Reply