Breaking

পাছপ’ৰ্ট অবিহনেই বাংলাদেশৰ ঢাকাত অৱতৰণ মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমান…

0 104

মুম্বাইৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ বিমান জৰুৰীকালীনভাৱে অৱতৰণ ঢাকাত। কুঁৱলীৰ বাবে ঢাকাৰ দিশে যাবলৈ বাধ্য হয় পাইলট। সকলো যাত্রী বিমানৰ ভিতৰতে আছে বর্তমান। বিমানখনত থকা কংগ্ৰেছৰ সুৰজ সিং ঠাকুৰে কয় যে সকলো যাত্ৰী পাছপ’ৰ্ট অবিহনে বাংলাদেশৰ ঢাকাত আছে।

শনিবাৰে ঘন কুঁৱলীৰ বাবে বাংলাদেশৰ ঢাকাত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় মুম্বাই-গুৱাহাটীৰ পৰা ইণ্ডিগ’বিমানখন। কেইবাজনো যাত্ৰীয়ে ছ’চিয়েল মিডিয়াত নিজৰ হতাশাৰ কথা শ্বেয়াৰ কৰে। বিমানখনত থকা কংগ্ৰেছৰ সুৰজ সিং ঠাকুৰে কয় যে এতিয়া সকলো যাত্ৰী পাছপ’ৰ্ট অবিহনে বাংলাদেশত আছে।

Leave A Reply