বাইহাটাৰ কৰৰাত বান শিবিৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকা

ৰাজ্যৰ বানত এতিয়া সৰ্বস্বান্ত হেৰুৱাই দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা।নিজৰ ঘৰ বাৰী এৰি এতিয়া আশ্ৰয় গ্ৰহণ কৰিছে নিৰাপদ স্থানত।আজি জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কমলপুৰ সমষ্টিৰ দুটিকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে।মন্ত্ৰী গৰাকীক এই সময়ছোৱাত সংগ দিয়ে বিধায়ক দিগন্ত কলিতা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

সাংবাদিকৰে হোৱা এক প্ৰশ্ন উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বতকৈ কিছুমান নতুন পদ্ধতি অৱলম্বন কৰি গৰা খহনীয়া লগত বান নিয়ন্ত্ৰণ কৰিব পৰা গৈছে।প্ৰায় এক টন মাটি জিও বেগত ভৰাই নদীৰ প্ৰৱল সোঁতক প্ৰতিৰোধ কৰাৰো ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

Related Articles