Breaking

বৰক্ষেত্ৰীৰ চৰাঞ্চলত বান,গৰাখহনীয়াৰ তাণ্ডৱ। চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৰাখহনীয়াৰ ভাবুকি

0 1,021

বৰক্ষেত্ৰীৰ চৰাঞ্চলত অৱস্থিত চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই।সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে বৰক্ষেত্ৰীৰ চৰাঞ্চলত হাজাৰ হাজাৰ বিঘা ভূমি জাহ যাই ব্ৰহ্মপুত্ৰৰ বুকুত। ঠায়ে ঠায়ে ব্ৰক্ষ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ঙ্কৰ ৰূপ। উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ চৰাঞ্চলত অৱস্থিত ভাংনামাৰী আৰক্ষী থানা, মধ্য কামৰূপ মিলন উচ্চ মাধ্যমিক বিদ্যালয়, ত্ৰিশখন বিচনাযুক্ত ভাংনামাৰী সামূহিক চিকিৎসালয়কে ধৰি কেইবাখনো প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সমূহ গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰলৈ অনুৰোধ চৰাঞ্চলবাসী ৰাইজৰ।

Leave A Reply