Fooball । ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্যোগত তথা বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত ৰাজস্থানৰ এনআইএচ প্ৰশিক্ষক আছিফ খানৰ তত্ত্বাৱধানত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ল’ৰা-ছোৱালীৰ ভলীবল প্ৰশিক্ষণ শিবিৰৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে ৷

এই প্ৰশিক্ষণ শিবিৰত স্থানীয় বিভিন্ন বিদ্যালয়ৰ উদীয়মান খেলুৱৈ সকলে অংশগ্ৰহণ কৰিছিল। তেওঁলোকক প্ৰশিক্ষণৰ জৰিয়তে ভলীবল খেলৰ প্ৰাথমিক কৌশল, দলগত সমন্বয় আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব সহকাৰে শিকোৱা হয়। বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু সদস্যসকল , বিভিন্ন ক্ৰীড়া সংগঠনৰ সদস্যবৃন্দ, বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক, আৰু অঞ্চলটোৰ কেইবাগৰাকী প্ৰাক্তন ভলীবল খেলুৱৈয়ে উপস্থিত থাকে ৷

অনুষ্ঠানৰ শেষত এক সাদৰ বিদায় অনুষ্ঠানৰ জৰিয়তে প্ৰশিক্ষক আছিফ খানলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ক্ৰীড়া জগতৰ প্ৰতি তেওঁৰ অৱদান আৰু অঞ্চলটোৰ উদীয়মান খেলুৱৈসকলৰ বাবে আগবঢ়োৱা অনুপ্ৰেৰণাৰ বাবে সকলোৱে জনায় কৃজ্ঞতা ৷ লগতে এনে ধৰণৰ প্ৰশিক্ষণ শিবিৰে স্থানীয় পৰ্যায়ত ক্ৰীড়াৰ বিকাশ ঘটাবলৈ সহায় কৰিব বুলি অনুষ্ঠানত উপস্থিত থকা সকলে মতপোষণ কৰে ৷ উল্লেখ্য যে ২৯ জুনৰ পৰা এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছিল ৷
