ভাৰতীয় পাকঘৰত নেমু এটা সাধাৰণ উপাদান, যাৰ দ্বাৰা খাদ্যৰ সোৱাদ বৃদ্ধি আৰু স্বাস্থ্য উন্নত কৰা হয়।(Food Combinations) ভিটামিন চি সমৃদ্ধ নেমুই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হজম শক্তিও উন্নত কৰে। কিন্তু কিছুমান বিশেষ খাদ্যৰ লগত নেমু মিহলাই খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। নেমুৰ সৈতে কেতিয়াও নাখাব এই চাৰিবিধ খাদ্য-
১) গাখীৰ আৰু নেমুৰ সংমিশ্ৰণ
নেমুৰ এচিডিটি বেছি আৰু গাখীৰৰ লগত মিহলি কৰিলে লগে লগে দৈ হয়। ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ, এচিডিটি আৰু পেটৰ বিষ হ’ব পাৰে। গাখীৰ খোৱাৰ লগে লগে নেমু নাখাব।
২) অমিতা আৰু নেমু(lemon)
অমিতা আৰু নেমুৰ সংমিশ্ৰণ পাচনতন্ত্ৰৰ বাবে ক্ষতিকাৰক। অমিতাত পেপেইন নামৰ এনজাইম থাকে, যিটো লেমন এচিডৰ সৈতে মিহলি হ’লে গেষ্ট্ৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত বদহজম, পেটৰ বিষ, বমি আদি সমস্যা হ’ব পাৰে। গতিকে অমিতা খোৱাৰ পিছত নেমু খোৱাৰ পৰা বিৰত থাকিব।(papaya)
৩/ তিয়হ আৰু নেমু(cucumber)
গ্ৰীষ্মকালত মানুহে প্ৰায়ে নেমুৰ সৈতে তিয়হৰ চালাড খায়, কিন্তু এই সংমিশ্ৰণত পেটত ক্ৰেম্প হ’ব পাৰে। তিয়হত প্ৰাকৃতিকভাৱে পোৱা কিছুমান মৌল নেমু এচিডৰ সৈতে বিক্ৰিয়া কৰে, যাৰ ফলত গেছ আৰু বদহজম হ’ব পাৰে।
৪) বিলাহী আৰু নেমু
বিলাহীত প্ৰাকৃতিক এচিড থাকে আৰু ইয়াক নেমুৰ লগত মিহলি কৰিলে এচিডৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত পেটত এচিডিটি বৃদ্ধি হোৱাৰ লগতে গেছৰ সমস্যা হ’ব পাৰে।
সঠিক সংমিশ্ৰণত নেমু সেৱন কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু যি টি বস্তুৰ লগত নেমু খালে পাচনতন্ত্ৰত ব্যাপক প্ৰভাৱ পৰিব পাৰে।

