শাওণ মাহটো ভোলানাথৰ বিশেষ মাহ (Foods to Avoid in Sawan) বুলি গণ্য কৰা হয়। বয়োজ্যেষ্ঠসকলে প্ৰায়ে কয় যে এই মাহত কিছুমান খাদ্য খাব নালাগে। কেৱল ধৰ্মীয় কৰাণে নহয়, বৈজ্ঞানিক কাৰণো আছে।
শাওণ মাহত বতৰৰ বহুতে পৰিৱৰ্তন হয়। শাওণ মাহত মানুহৰ জীৱনশৈলীৰ লগতে খাদ্যাভ্যাসও সলনি হয়। শাওণ মাহত কি কি খাব নালাগে জানো আহক-
শাওণত গাখীৰৰ সামগ্ৰী নাখাব। কাৰণ মাটিত থকা বেছিভাগ পোকৰ সংক্ৰমণ ঘাঁহ বা সেউজীয়া বস্তুত বিয়পে। ঘাঁহবোৰ গৰু বা ম’হে খায় আৰু সেই গাখীৰ আমাৰ ঘৰলৈ আহে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। দৈ খাব নালাগে কাৰণ বৰ্তমান পৰিৱেশত আৰ্দ্ৰতা আৰু বীজাণু বাঢ়িছে, যাৰ ফলত ক্ষতিকাৰক বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ উপৰিও দৈ ঠাণ্ডা, যাৰ বাবে ঠাণ্ডা আৰু কাহৰ ভয়ও দেখা যায়।
আয়ুৰ্বেদৰ মতে বৰষুণৰ বাবে মানুহৰ পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। আনহাতে নহৰু আৰু পিঁয়াজৰ প্ৰকৃতি গৰম, গতিকে শাওণত নহৰু আৰু পিয়াজ খোৱাৰ ফলত পেট ফুলা, গেছ আৰু বদহজমৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
আনহাতে শাওণত বেঙেনা খাব নালাগে। শাওণত বেঙেনাত পোক-পৰুৱা যথেষ্ট বৃদ্ধি পায়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
শাওণত সেউজীয়া পাতৰ পাচলিও খাব নালাগে, কাৰণ এই বতৰত মাটিত থকা বেছিভাগ পোক-পৰুৱা ওপৰলৈ আহি সেউজীয়া পাতৰ শাক-পাচলি নষ্ট কৰি পেলায়, যাৰ বাবে ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ আশংকা থাকে।
গতিকে শাওণ মাহত এইসমূহ খাদ্য খাব নালাগে।