ওদালগুৰিত প্ৰথম বাৰ্ষিক বড়োলেণ্ড চিইএম ফুটবল কাপ’২০২৫ধনশ্ৰী সমষ্টিক । ১-০ গলত হৰুৱাই ভেৰগাওঁ সমষ্টিৰ খিতাপ । শ্ৰেষ্ঠ খেলুৱৈ বিজিত বড়ো । Football


Football । এক জুলাইৰ পৰা জিলা পৰ্যায়ৰ ফুটবল সমিতিৰ সৌজন্যত ওদালগুৰি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম বাৰ্ষিক বড়োলেণ্ড চি ই এম ফুটবল কাপ’২০২৫ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত ভেৰগাওঁ এম চি এল এ সমষ্টিয়ে ধনশ্ৰী এম চি এল এ সমষ্টিক ১-০ গলত পৰাজিত কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন প্ৰথমাৱস্থাত গ’ল শূণ্যভাবে সমাপ্ত হয় কিন্তু খেলৰ দ্বিতীয়াৰ্ধত খেলখন পুনৰ উত্তেজনাপূৰ্ণ হোৱাৰ মাজতে ৫৫ মিনিটত ভেৰগাওঁ সমষ্টিৰ খেলুৱৈ জৰ্জ উইলিয়াম টপ্নই স্কৰ কৰে।ফলত টপ্নৰ একমাত্ৰ গলৰ সহায়ত ধনশ্ৰী সমষ্টিক পৰাজিত কৰি বড়োলেণ্ড চি ই এম কাপ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলৰ আৰম্ভনিতে খেলখন উদ্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ কয়- ফুটবল এক জনপ্ৰিয় খেল।

উন্নতমানৰ খেল প্ৰদৰ্শনৰ জড়িয়তে বহু খেলুৱৈয়ে জীৱিকাৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে ক্ৰীড়া প্ৰেমী ৰাইজৰ উৎসাহ- উদ্দীপনাই খেলুৱৈ সকলক দুগুণ উৎসাহী কৰি তোলা দেখা যায়। বিটিআৰত এক শান্তিৰ বাতাবৰণ গঢ়ি উঠিছে।যাৰ বাবে বিটিআৰত বিভিন্ন উন্নয়নমূলক কামত কাজ কৰিব পৰা পৰিবেশ সৃষ্টি হৈছে। সেয়ে প্ৰতিযোগিতাখনি প্ৰতিবছৰে বিটিআৰত অনুষ্ঠিত কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ বিটিআৰ প্ৰশাসনে পুৰুষ মহিলা ফুটবল একাডেমীৰ জৰিয়তে আন এক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।

প্ৰতিবছৰে ওদালগুৰি জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ খেলুৱৈ সকলৰ মাজত অনুষ্ঠিত হৈছে আৰু বিটিআৰৰ ৪০টা সমষ্টিৰ মাজত হবলগীয়া ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ দলে খেলাৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে আৰু চূড়ান্ত খেলৰ কোকৰাঝাৰৰ চাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ৰাজু দৈমাৰীয়ে আতঁধৰা বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই খেলুৱৈ,ৰেফাৰী সকলক উদ্দেশ্যেৰে বক্তব্য ৰাখি খেল সুচাৰুৰূপে সামৰণি পৰাত ধন্যবাদ জ্ঞাপন কৰে।

উক্ত বঁটা বিতৰণীত উপস্থিত থাকি হৰিশিঙা পৰিষদীয় সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰীয়ে বিজিত দল ধনশ্ৰী দলক ট্ৰফিৰ সৈতে নগদ ১৫ হাজাৰ টকা ,ক্ৰীড়া বিভাগৰ কাৰ্যকৰী সদস্য দাওবৈচা বড়োই বিজয়ী দল ভেৰগাওঁ দলক নগদ ২৫ হাজাৰ টকা সহ ট্ৰফি প্ৰদান কৰে। ভেৰগাওঁ দলৰ শ্ৰেষ্ঠ খেলুৱৈ বিজিত বড়োক ট্ৰফিৰ সৈতে নগদ ৫০০০ টকা প্ৰদান কৰে ভেৰগাওঁৰ মহকুমিধিপতি ৰিংখাং যোচাহাৰীয়ে। খেল পৰিচালনা কৰে- বাবুৰাম দৈমাৰী, ইলিছ মুছাহাৰী,মৃদুল বসুমতাৰী, অনচুমা বসুমতাৰী আৰু বিশ্বজিৎ বড়োই। ইপিনে উদ্বোধনী অনুষ্ঠানত হৰিশিঙা সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী কাৰ্যবাহী সদস্য ড• নিলোৎ স্বৰ্গীয়াৰী বড়ো, ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ ভ্ৰমণ বাল্গাৰী,জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰনীল দৈমাৰী,ইউ পি পি এলত ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী,এবচুৰ জিলা সভাপতি কৰ্ণেলুইচ দৈমাৰী,সম্পাদক বাবুল বড়ো, ওদালগুৰি মহকুমা ক্ৰীড়া বিষয়া সঞ্জয় দৈমাৰী, ইউচিফ আলী,ভেৰগাওঁৰ মহকুমিধিপতি (সদৰ) ৰিংখাং মোচাহাৰী,বিজুৱেল নেলছন দৈমাৰী,লোহিত বড়ো, কিৰণ বড়ো,যোচী খাখলাৰী, দ্বিজেন্দ্ৰ বায়ন,আদিকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল।

Related Articles