দুমুনিচকীত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা

পশ্চিম দৰং উন্নয়ন পৰিষদৰ  উদ্যোগত  দৰং জিলাৰ দুমুনিচকী হাইস্কুল খেলপথাৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত  তিনি দিনীয়া দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ মুখ্যদ্বাৰ উদ্ধোধন কৰে সমাজকৰ্মী বৈয়তুল্লা আহমেদে । পতাকা উত্তোলন কৰে পশ্চিম দৰং উন্নয়ন পৰিষদৰ সভাপতি তহিদ আলীয়ে। 

পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত দুমুনিচকী হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা প্ৰয়াত মহিবুল্লা আহমেদ আৰু ছাইফুল্লা আহমেদ সোঁৱৰণি তৃতীয় বাৰ্ষিক দিবা নৈশ তিনি দিনীয়া প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা খন কালি সন্ধিয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে মঙলদৈ সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। 

সন্ধিয়া জনপ্ৰিয় কণ্ঠ শিল্পীৰ দেৱৰ্চনা কাশ্যপ,ৰিংকো প্ৰীয়মৰ , শিশু শিল্পী ঈশান আফ্ৰিদি, প্ৰিন্স নিহাল, জিত সাজাহানে গীত পৰিবেশন কৰে। লগতে ভঙা টিভি তথা ইউটিউবৰ জনপ্ৰিয় কৌতুক অভিনেতা ‘খিতেই কাই’ খ্যাত দিপজ্যতি ডেকাৰ  উপস্থিত থাকি  সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বিকি দান্স একাডেমীৰ শিল্পী সকলে নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে।  সাংস্কৃতিক অনুষ্ঠানৰ  পিছতে প্ৰথমখন খেলৰ শুভ উদ্বোধন কৰে মঙলদৈ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ  প্ৰতাপ বৰদলৈ ডাঙৰীয়াই।

Related Articles