Breaking

২৫৬ বছৰ ধৰি একেটা মাটিৰ মূৰ্তিতে পূজা, বাৰাণসীৰ প্ৰাচীন পূজাকলৈ ভক্তৰ মাজত কৌতূহল…

0 48

বাৰানসীৰ এখন বিশেষ পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।বিগত ২৫৬ বছৰ ধৰি একেটা দুৰ্গা মূৰ্তিতে পূজা কৰি আহিছে এটা পৰিয়ালে। এক কথাত ২৫৬ বছৰ ধৰি সেই পূজাৰ মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই। ইমান বছৰ পুৰণি যদিও সেই দুৰ্গা প্ৰতিমা পূৰ্বে যেনে আছিল আজিও তেনেই আছে। উত্তৰ প্ৰদেশৰ বাৰাণসীত থকা এই অতি প্ৰাচীন দুৰ্গা মূৰ্তিক পৰম্পৰা অনুসৰি এইবেলিও উপাসনা কৰা হ’ব। বাৰাণসীৰ আটাইতকৈ পুৰণি বনেদী পৰিয়ালৰ দুৰ্গা পূজা উপলক্ষ্যে এলেকাটোত মানুহৰ মাজত আনন্দৰ লহৰ বৈ গৈছে। দৰাচলতে হুগলীৰ জনাই ৰোডত থকা মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজা বাৰাণসীলৈ গৈছিল। সময়টো আছিল ১৭৬৭।

একে বছৰতে বাৰাণসীত প্ৰথমবাৰৰ বাবে পূজা আৰম্ভ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ মদনপুৰা অঞ্চলত দুৰ্গাৰ এটা মূৰ্তি স্থাপন কৰা হৈছিল আৰু আৰাধনা কৰা হৈছিল। সেই সময়তে দশমীত অলৌকিক ঘটনা ঘটিছিল। পৰিয়ালৰ সদস্যসহ বহুলোকে মা দুৰ্গাক বিসৰ্জন দিবলৈ মূৰ্তিটো দাঙি ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু বহু চেষ্টাৰ পাছতো মূৰ্তিটো স্থানান্তৰ কৰিব পৰা নগ’ল। খবৰটো সমগ্ৰ বাৰাণসীত বিয়পি পৰিল। দুৰ্গা বাটিত ভিৰ বাঢ়িবলৈ ধৰিলে। কিন্তু সেই নিশা মুখাৰ্জী পৰিয়ালৰ এগৰাকী সদস্যই দেৱীৰ সপোন দেখিলে। সপোনত দেৱীয়ে কৈছিল “মই ইয়াতে থাকিম। মোক ইয়াৰ পৰা বাহিৰ লৈ যাবলৈ চেষ্টা নকৰিবা”। তেতিয়াৰে পৰাই সেই দুৰ্গা মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই। কিন্তু মুখাৰ্জী পৰিয়ালৰ সদস্যসকল অথবা আন কোনেও নাজানে যে কেনেকৈ মাটিৰ মূৰ্তিটো ২৫০ বছৰৰো অধিক কাল ধৰি অক্ষত অৱস্থাত আছে।

Leave A Reply