“কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।sarbananda sonowal

  • “দেশৰ সংবিধানক অৱমাননা, কুঠাৰাঘাত কৰাটো কংগ্ৰেছৰ স্বভাৱ, জৰুৰীকালীন অৱস্থা ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ”: সোণোৱাল
  • “ভাৰতীয় সংবিধানৰ প্ৰকৃত মূল্যায়ন কৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পিছপৰা সম্প্ৰদায়ৰ সৰ্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিছে”: সোণোৱাল
  • “কংগ্ৰেছে ক্ষমতা পালেই গুৰু-গোঁসাই নামানে, সংবিধানক ভেঙুচালি কৰে”: সোণোৱাল
  • ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টিৰ “সংবিধান গৌৰৱ অভিযান”ত অংশগ্ৰহণ কৰে সোণোৱালে, ড° ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাৰে স্মৰণ কৰে

ডিব্ৰুগড়, ২৫ জানুৱাৰী ২০২৫:sarbananda sonowal । “ভাৰত ৰত্ন ড° বি আৰ আম্বেদকাৰদেৱে প্ৰণয়ন কৰা আমাৰ দেশৰ সংবিধানখনৰ বাবেই আজি ভাৰতবৰ্ষৰ বুকুত থকা বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকে ঐক্যবদ্ধভাৱে ৭৫ বছৰ কাল সেই সংবিধানৰ গণ্ডিত থাকি সংবিধানে প্ৰদান কৰা অনুশাসন, নীতি-নিৰ্দেশনা পালন কৰাৰ ফলত ভাৰতবৰ্ষই এতিয়া বিশ্বৰ ভিতৰতে শক্তিশালী গণতন্ত্ৰ হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষই দেখুৱাই দিছে যে যিমানেই সংবিধানৰ বয়স বৃদ্ধি হৈছে, সিমানেই দেশ অধিক শক্তিশালী হৈছে। অৱশ্যে মাজতে যদি কোনোবাই সংবিধানক কুঠাৰাঘাত কৰিছিল, সেই দলটো হৈছে কংগ্ৰেছ দল। ১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰি সংবিধানে প্ৰদান কৰা সকলো মৌলিক অধিকাৰ খৰ্ব কৰি একনায়কত্ববাদী চৰকাৰ চলাবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল, তাৰ ফলতেই দেশৰ যথেষ্ট ক্ষতি হ’ল আৰু সেই ক’লা অধ্যায় ভাৰতবৰ্ষৰ নাগৰিকে কেতিয়াও পাহৰিব নোৱাৰে।”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সংবিধান গৌৰৱ অভিযানত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী হোৱাৰপৰা ৭৫ বছৰৰ বৰ্ণিল যাত্ৰা পূৰ্ণ হোৱাৰ পথত। এই উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দেশজুৰি ৰূপায়িত “সংবিধান গৌৰৱ অভিযান”ৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ আশাপুৰ নতুন গাঁৱত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আৰু সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে।

সোণোৱালে কয়, “স্বতন্ত্ৰতা, সমতা, ভাতৃত্ব আৰু ন্যায়ৰ পৰিভাষাক মহিমামণ্ডিত কৰা ভাৰতীয় সংবিধানক সাৰোগত কৰি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ চৰকাৰে সকলো নাগৰিকৰ সম-মৰ্যাদা, সম-বিকাশ, সম-অধিকাৰৰ বাবে কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি আহিছে। সংবিধানৰ গৌৰৱধ্বজাক আগুৱাই নি এখন শক্তিশালী, সমৃদ্ধিশালী আৰু বিকশিত ভাৰত গঢ়াৰ বাবে এই বিশেষ উপলক্ষত আমি বদ্ধপৰিকৰ হ’লোঁ।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “দেশৰ সংবিধানক অৱমাননা, কুঠাৰাঘাত কৰাটো কংগ্ৰেছৰ স্বভাৱ। জৰুৰীকালীন অৱস্থা ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ। কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত। তেতিয়াৰ জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা মোৰাৰজী দেশাইলৈ, অটল বিহাৰী বাজপেয়ীৰ পৰা লালকৃষ্ণ আদৱানীলৈ- সকলোৱে দেশজুৰি প্ৰবল প্ৰতিবাদ কৰি বহুত কষ্ট, প্ৰত্যাহ্বান আৰু সংগ্ৰামৰ ফলত সংবিধানৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত মাত্ৰ ১৩ দিনৰ বাবে এখন চৰকাৰ চলিছিল, কিন্তু ইচ্ছা কৰা হ’লে পাকে-প্ৰকাৰে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন আগুৱাই নিব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছৰ দৰে নিকৃষ্ট ৰাজনীতি আৰু লেতেৰা কূটনীতি অৱলম্বন কৰাৰ তেখেত পক্ষপাতী নাছিল। সেইবাবেই ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত বাজপেয়ী ডাঙৰীয়াই মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈছে আৰু সেইকাৰণেই কোৱা হয় ভাৰতীয় জনতা পাৰ্টি সকলোতকৈ পৃথক।”

Related Articles