টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান চাওঁখাত ভৰলুৱা অঞ্চলৰ এজন যুৱ সম্ভাৱনাময় কবি তথা লেখক বুবুল শইকীয়া । এই যুৱ সম্ভাৱনাময় লেখক জন থমকি ৰ’ব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবেই। উচ্চ শিক্ষাৰে শিক্ষিত বুবুলে সৰুৰে পৰাই কৰি গৈছিল সাহিত্য চৰ্চা । কুৰিৰো অধিক কবিতা প্ৰবন্ধ লিখা বুবুল শইকীয়াই পাঁচখন কৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছে ।২০০৮ চনত ৰামধেনু প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা প্ৰথম গ্ৰন্থ ‘আকৌ এটা চিঞৰ’ যোৰহাট অংকুৰণ প্ৰকাশন পৰা প্ৰকাশ পোৱা ‘চিৰন্তন’ “যথা ধৰ্ম” “বীজাণু” আদি।
বৰ্তমান এই যুৱ সম্ভাৱনাময় লেখক জনে ‘অসম ভাষা গৌৰৱ ‘ আঁচনিৰ অন্তৰ্গত ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৫০ হাজাৰ টকা পাবলৈ সক্ষম হৈছিল যদিও সেই টকা গ্ৰন্থ তে খৰছ হোৱা বুলি জানিব পৰা গৈছে। সাহিত্য সাধনাত ব্ৰতী বুবুলে নিজৰ গ্ৰন্থ উন্মোচনী দিনাও গুৱাহাটীলৈ অহা যোৱা কৰিবৰ বাবে টকা যোগাৰ কৰিবৰ নোৱাৰাৰ কথাও সংবাদ মাধ্যমৰ আগত দুখৰে ব্যক্ত কৰে। বহুতো পাণ্ডুলিপি গ্ৰন্থ লেখা পৰি ৰৈছে ধনৰ অভাৱত এই যুৱ প্ৰতিভাৱান লেখক জনৰ।দিন হাজিৰা কৰা যুৱ লেখক জনৰ সু-হিদয়বান ব্যক্তি য়ে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত যদিহে সহায় কৰিব বিচাৰে যোৰহাটস্থিত পঞ্জাৱ নেচনেল বেংকৰ একাউণ্ট নং-0022010465472 IFSC -PUNB 0002220 বা ফোন নম্বৰ 9706480721 যোগাযোগ কৰি সহায় কৰিব পাৰিব

