বিগ বছ ১৭ৰ নিৰ্মাতাসকলে আগন্তুক খণ্ডৰ প্ৰমো মুকলি কৰিছে আৰু ইয়াৰ লগে লগে অনুৰাগীসকলে দীপাৱলীৰ পূৰ্বে লাভ কৰিছে এটা ডাঙৰ চমক। এটা ভিডিও’ চৰ্চালৈ আহিছে। এই ভিডিঅ’টোত আপোনালোকে দেখিব যে ‘টাইগাৰ ৩’ ছবিখনৰ প্ৰচাৰৰ বাবে ছলমানৰ সৈতে কেটৰিনা কাইফও আহিছে। কিন্তু অনুৰাগীয়ে ছলমান আৰু কেটৰিনাক তেওঁলোকৰ কাপোৰক লৈ ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। আচলতে ছলমান খান আৰু কেটৰিনা কাইফক যোৱা বছৰ শ্ব’টোত দেখা গৈছিল যে তেওঁলোকে এই প্ৰ’ম’ত পিন্ধা কাপোৰৰ দৰেই হুবহু একে কাপোৰ পিন্ধিছিল। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে যথেষ্ট মন্তব্য কৰিছে। ছলমান খানে ক’লা ৰঙৰ চাৰ্ট পিন্ধি থকাৰ বিপৰীতে কেটৰিনা কাইফে পিন্ধিছে হালধীয়া ৰঙৰ ধুনীয়া পোছাক।
ভিকি কৌশলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত কেটৰিনা কাইফক ছলমানৰ সৈতে প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাৰ লগতে টেলিভিছনতো দেখা যাব। ছলমান খান আৰু কেটৰিনা কাইফৰ ছবি টাইগাৰ ৩ৰ মুক্তিৰ তাৰিখ ১২ নৱেম্বৰ। ছলমান-কেটৰিনাৰ লগতে এই ছবিখনত ইমৰাণ হাছমীয়েও অভিনয় কৰিছে। এই ছবিখনত শ্বাহৰুখ খান আৰু হৃতিক ৰোশনক কেমিঅ’ ৰ’লত দেখা যাব।

