Breaking

পোন প্ৰথমবাৰৰ বাবে আইনী ব্যৱস্থাৰ বিকাশৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন NMIMS ইউনিভাৰ্ছিটি মুম্বাইৰ

0 30

পোন প্ৰথমবাৰৰ বাবে NMIMS ইউনিভাৰ্ছিটি মুম্বাইয়ে ১৭ আৰু ১৮ ফেব্ৰুৱাৰী তাৰিখে ২০২৪ দুদিনীয়া কাৰ্যসূচীৰে আইনী ব্যৱস্থাৰ বিকাশৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন তথা ২১ শতিকাত আইনী সীমান্তত নেভিগেট কৰা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰে।

উল্লেখ্য যে এই সন্মিলনত গোৱালপাৰা জিলা আদালতৰ চৰকাৰী অধিবক্তা সঞ্জয় শৰ্মাই নিমন্ত্ৰণ যোগে এই সন্মিলনৰ শীৰ্ষক বিষয়টোৰ আলোচনা চক্ৰত দেওবাৰে অংশগ্ৰহণ কৰে। আনহাতে অধিবক্তা শৰ্মাই সেই আলোচনাৰ অন্তত তে‌ওঁৰ “পকচো আইনৰ পেৰামিটাৰৰ ভিতৰত সন্মতি সূচক যৌনতাৰ ন্যায়িক নিৰ্ণয়” শীৰ্ষক গৱেষণাপত্ৰ উপস্থাপন কৰাৰ লগতে আইনৰ সৱল যুক্তি দাঙি ধৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এই সন্মিলনত ক্ৰমে মহাৰাষ্ট্ৰৰ মানৱ অধিকাৰ আয়োগৰ চেয়াৰমেন আকৰাম ছায়েদ, এমিটি ইউনিভাৰ্ছিটি নতুন দিল্লীৰ প্ৰৱক্তা ড° গিগিমন, NMIMS দিয়েন দূৰ্গামনি পাটিলৰ লগতে ব‌হু কেইখন আইনী বিশ্ববিদ্যালয়ৰ আইনজ্ঞ, বোম্বে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ লগতে আইনৰ গৱেষক, প্ৰৱক্তা, অধিবক্তা‌ই এই সন্মিলনত অংশ গ্ৰহণ কৰা বুলি জনায় অধিবক্তা সঞ্জয় শৰ্মা‌‌ই।

Leave A Reply