এছিয়াখ্যাত ঐতিহাসিক জয়সাগৰ বৰপুখুৰীত সোমবাৰে আবেলি এক অভিনৱ পন্থাৰে প্ৰথমবাৰৰ বাবে পুখুৰীৰ মাজভাগত নৌকাত উঠি উন্মোচন কৰা হল এখন গ্ৰন্থ। ইতিহাসপ্ৰসিদ্ধ পুখুৰীত পুনৰ ইতিহাস ৰচিলে ‘আহোম যুগৰ পুখুৰী-স্থাপত্য আৰু অসমৰ অন্যান্য পুখুৰী’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি।
কোনো ধৰণৰ বিশেষ অনুষ্ঠান আয়োজন কৰাৰ পৰিৱৰ্তে বুৰঞ্জী চৰ্চাকাৰী, লেখক,কবি নবীন বুঢ়াগোহাঁয়ে সমাজৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক লগত লৈ এছিয়াখ্যাত জয়সাগৰ বৰপুখুৰীৰ মধ্যস্থলত দুখন নৌকা লৈ সম্পূৰ্ণ পৰম্পৰাগত প্ৰক্ৰিয়াৰে তেখেতৰ গ্ৰন্থখনি উন্মোচন কৰে। আবেলিৰ ৰান্ধনী বেলিৰ জিকমিকনি তথা বৃহৎ বৰপুখুৰীৰ জলকেলিৰ সৌন্দৰ্যৰ মাজত ৩০৪ পৃষ্ঠাজোৰা গ্ৰন্থখনি উন্মোচনৰ পূৰ্বে শংখৰ ধ্বনিৰে জীপাল কৰি তুলি পুখুৰীৰ চৌপাশ।

হানিদ ৰঞ্জন ভূঞাই শংখ বজোৱাৰ পিছত ভাস্কৰ্য শিল্পী দুৰ্লভ বৰাই বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতেই দুখন নৌকাত যোৱা বিশিষ্ট ব্যক্তিৰ লগতে সাংবাদিক দলৰ উপস্হিতিত চেপন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসীম চুতীয়াই নৌকাৰ ওপৰতেই উন্মোচন কৰে নবীন বুঢ়াগোহাঁইৰ ‘আহোম যুগৰ পুখুৰী-স্থাপত্য আৰু অসমৰ অন্যান্য পুখুৰী’ গ্ৰন্থখনি। গ্ৰন্থখনি উন্মোচন কৰি চুতীয়াই কয় যে, বুঢ়াগোহাঁইৰ গ্ৰন্থখনিয়ে নিশ্চয়কৈ পানী সংৰক্ষণৰ প্ৰয়োজনীতাৰ বিষয়ে পাঠকক ভবাই তুলিবলৈ সক্ষম হ’ব।
আহোম ৰাজত্বকালৰ স্থাপত্য- কলাসমূহৰ ভিতৰত পুখুৰী স্থাপত্যসমূহৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰি তেখেতে কয় যে, পুখৰী- স্থাপত্যসমূহে অসমীয়া জাতিৰ জাতীয় ইতিহাসৰ সুদীৰ্ঘ ছয়শ বছৰৰো অধিক কালৰ জীয়া ইতিহাস দাঙি ধৰে। অসম আৰু অসমৰ বাহিৰৰ যিসমূহ ঠাইত আহোমসকলে পুখুৰী খন্দাইছিল সেই অঞ্চল বিশেষত প্ৰত্যক্ষভাৱে আহোম প্ৰশাসনৰ প্ৰভাৱ বা সম্পৰ্ক থকাৰ কথাটো প্ৰমাণ কৰে বুলি মন্তব্য কৰে।

স্থলভাগ অথবা জলভাগত নহয় নৌকাৰ ওপৰত উঠি মুষ্টিমেয় কেইগৰাকীমান বিশেষ ব্যক্তিৰ উপস্হিতিত উন্মোচন কৰা গ্ৰন্থখনিৰ কাৰ্যসূচীত উপস্হিত থাকি বিশিষ্ট ভাস্কৰ্য শিল্পী দুৰ্লভ বৰাই নিজৰ অনুভৱত কয় যে, আহোম যুগৰ আৰু অসমৰ বিভিন্ন স্থানত সিচৰিত হৈ থকা পুখুৰীসমূহৰ বিষয়ে বিক্ষিপ্তকৈ বিভিন্ন প্ৰৱন্ধ পাতিত কম বেছি পৰিমানে থাকিলেও সততে একেলগে সকলোখিনি পাব পৰাকৈ কোনো গ্ৰন্থ নাই।
লেখক নবীন বুঢ়াগোহাঁয়ে এটি অভাৱ দূৰ কৰিলে। গ্ৰন্থখনি পাঠকে আদৰি লব বুলি মত ব্যক্ত কৰে। উল্লেখৰ প্ৰয়োজন যে, গ্ৰন্থ ৰচনা আৰু প্ৰকাশেৰে স্বাৱলম্বী হোৱা এইগৰাকী লেখকৰ ঘৰ শিৱসাগৰত। লিখক নবীন বুঢ়াগোহাঁইয়ে কবিতা, গল্প, প্ৰৱন্ধ, নাটক, শিশু সাহিত্য আৰু বুৰঞ্জী বিষয়ক ৰচনাকে আদি কৰি যোৱা দুটা দশকৰো অধিক কাল সাহিত্য চৰ্চা কৰি আহিছে। ইতিমধ্যে ৩০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে।

বুৰঞ্জী বিষয়ক কেইবাখনো গৱেষণামূলক গ্ৰন্থ প্ৰকাশ পাইছে। ইংৰাজী ভাষালৈও গ্ৰন্থ অনুবাদ হৈছে। মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লেখনি অন্তভূক্ত হোৱা বুঢ়াগোহাঁইক অসম চৰকাৰে ২০২০ বৰ্ষত ঐতিহ্য মিত্ৰ সন্মানেৰে সন্মানিত কৰিছে। লেখক নবীন বুঢ়াগোহাঁইয়ে গ্ৰন্থ খনিৰ সৃষ্টিৰ আৰৰ কাহিনী ব্যক্ত কৰাৰ লগতে তেখেতে কয় যে, পুখুৰী সম্পৰ্কীয় বিষয়টো বহু ব্যাপক আৰু বিশাল।
অসমৰ সকলোবোৰ পুখুৰীৰ বিষয়ে গ্ৰন্হখনিত সবিশেষ উল্লেখ কৰা নাই যদিও এই সন্দৰ্ভত আমাৰ অধ্যয়ন- অনুসন্ধান চলি থাকিব আৰু নতুন সংস্কৰণসমূহত সেইসমূহ অন্তভূক্ত হৈ গৈ থাকিব বুলি ব্যক্ত কৰে।

সাহিত্যকৰ্মী মুক্তাৱ হুছেইন, সাংবাদিক চাহানাৰা ইছলাম,ৰাগিনী পূবালী বৰা,অভিজ্ঞান গোস্বামী, ঋতু প্ৰিয়ম উপস্হিত থাকি নবীন বুঢ়াগোহাঁইৰ এনে প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে জয়সাগৰ পুখুৰীৰ মাজভাগত এনেদৰে এক নতুন ইতিহাস ৰচনাৰে অসমৰ পুখুৰী সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰি জয়াৰ তীৰ্থক প্ৰাণৱন্ত কৰি তুলিলে বুলি ব্যক্ত কৰে।