Breaking

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদী, হিতাধিকাৰীৰ সৈতে পোজ দিলে ছেলফিৰ বাবে…

0 11

অশান্ত কাশ্মীৰ বৰ্তমান ভালেখিনি শান্ত। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া কেইবাটাও পদক্ষেপৰ বাবেই কাশ্মীৰলৈ বহুলাংশে উভতি আহিছে শান্তি এনে সময়তে আজি কাশ্মীৰ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰাচলতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত এয়া মোদীৰ প্ৰথম কাশ্মীৰ ভ্ৰমণ। জম্মু-কাশ্মীৰৰ পুলৱামাৰ এগৰাকী উদ্যোগী তথা চৰকাৰী আঁচনিৰ হিতাধিকাৰী নাজিমে ‘বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ’ কাৰ্যসূচীত হোৱা বাৰ্তালাপৰ সময়ত কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ‘ছেলফি’ উঠাৰ বাবে সাজু হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:”মোৰ বন্ধু নাজিমৰ সৈতে এটা স্মৰণীয় ছেলফি উঠিলোঁ। তেওঁ কৰি থকা ভাল কামৰ দ্বাৰা মই প্ৰভাৱিত হৈছোঁ। ৰাজহুৱা সভাত তেওঁ এখন ‘ছেলফি’ৰ বাবে অনুৰোধ কৰিছিল আৰু তেওঁক লগ পাই সুখী হৈছিলোঁ। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ।”উল্লেখ্য ২০১৯ত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত সমগ্ৰ কাশ্মীৰ উপত্যকা অশান্ত হৈ পৰিছিল। সন্ত্ৰাসবাদেও পুনৰ মূৰ দাঙি উঠিছিল কাশ্মীৰ উপত্যকাত। বৰ্তমানেও জম্মু–কাশ্মীৰত অব্যাহত আছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ কূটাঘাত। এনে পৰিস্থিতিৰ মাজতে শ্ৰীনগৰত কেইবাহাজাৰ কাশ্মীৰবাসীক সম্বোধন কৰে মোদীয়ে।


কাশ্মীৰত মোদীয়ে বৃহস্পতিবাৰে কেইবাহাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰীনগৰৰ বক্সী ষ্টেডিয়ামত অনুষ্ঠিত জনসভাতে বিকাশ প্ৰকল্পসমূহ জনতালৈ অৰ্পণ কৰে মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৫ হাজাৰ কোটি টকাৰ কৃষি উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰে। পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে ১৪শ কোটি টকাৰ প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাশ্মীৰৰ পৱিত্ৰ তীৰ্থভূমি হজৰতবালৰ উন্নয়ন প্ৰকল্পও উদ্বোধন কৰে মোদীয়ে। জনসভাত জম্মু–কাশ্মীৰৰ বিৰোধী ৰাজনৈতিক দলসমূহক তীব্ৰ আক্ৰমণ কৰে প্ৰধানমন্ত্ৰীয়ে। নেচনেল কনফাৰেন্স আৰু PDPক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোদীয়ে।ৰাজহুৱা সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুচ্ছেদ ৩৭০ বাতিলক লৈ কংগ্ৰেছে দেশবাসীক বিপথে পৰিচালিত কৰিছিল বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। শীঘ্ৰেই জম্মু–কাশ্মীৰৰ সফলতাৰ কাহিনীয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি জনসভাত আশা প্ৰকাশ কৰে মোদীয়ে।

Leave A Reply