প্ৰথমবাৰৰ বাবে ভাই-ভগ্নী বৈশালি আৰু প্ৰাগনানন্দা যুটিয়ে গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰি ৰচিলে ইতিহাস…

শুকুৰবাৰে স্পেইনত অনুষ্ঠিত হোৱা আইভি এল ল’ব্ৰেগাট অ’পেনত ২২ বছৰীয়া বৈশালি ৰমেশবাবুৱে ২৫০০ ৰেটিং পইণ্ট অতিক্ৰম কৰি গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰে। আইভি এল ল’ব্ৰেগাট অ’পেনত গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰি ২৫০০ এফআইডিই ৰেটিং অতিক্ৰম কৰি কনেৰু হাম্পি আৰু হৰিকা দ্ৰোনাভাল্লীৰ পিছত ভাৰতৰ পৰা মাত্ৰ তৃতীয়গৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয় বৈশালী ৰমেশবাবু। দ্বিতীয় ৰাউণ্ডত তুৰ্কীৰ এফ এম টামেৰ তাৰিক চেলবেছ (২২৩৮)ক পৰাস্ত কৰি ৰেটিং অতিক্ৰম কৰি একেৰাহে দুটা জয়ৰে প্ৰতিযোগিতাখন আৰম্ভ কৰিছে।

বৈশালী ৰমেশবাবু কয় যে, ‘অৱশেষত খিতাপ সম্পূৰ্ণ কৰি মই অতি সুখী। মাত্ৰ দুটা ৰাউণ্ড৷ মইও প্ৰতিযোগিতাখনৰ ওপৰত গুৰুত্ব দিছো। কিন্তু জিএম খিতাপক লৈ মই সঁচাকৈয়ে সুখী।’ এই কৃতিত্বৰে বৈশালী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ ৰমেশবাবু প্ৰাগনানন্ধা ইতিহাসৰ প্ৰথমটো গ্ৰেণ্ডমাষ্টাৰ ভাই-ভনীৰ যুটি হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও তেওঁলোক প্ৰথমবাৰৰ বাবে ভাই-ভগ্নী যুটি হৈ পৰে যিয়ে প্ৰাৰ্থী হিচাপে স্থান লাভ কৰে।

Related Articles