Foreigners involved in anti-national acts: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঘোষণাঃ ৰাষ্ট্ৰ বিৰোধী কাম-কাজত জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব

ৰাষ্ট্ৰ বিৰোধী কাম-কাজত (Foreigners involved in anti-national acts) জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব লাগিব। চৰকাৰী আদেশ অনুসৰি বিদেশীক ৰাষ্ট্ৰবিৰোধী কার্যকলাপ, চোৰাংচোৱাগিৰি, ধর্ষণ আৰু হত্যা, সন্ত্ৰাসবাদী কার্যকলাপ, শিশু সৰবৰাহৰ অথবা নিষিদ্ধ সংগঠনৰ সদস্য হোৱাৰ দোষী সাব্যস্ত হ’লে ভাৰতত প্রৱেশ বা থকাৰ পৰা বঞ্চিত হ’ব পাৰে।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে সদ্য প্ৰণয়ন কৰা অনুপ্ৰৱেশ আৰু বিদেশী আইন ২০২৫ৰ অধীনত প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে বিদেশী বিতাড়ন পৰ্যন্ত বিদেশী লোকৰ চলাচলত বাধা আৰোপ কৰাৰ উদ্দেশ্যে নিবেদিত ডিটেনচন চেণ্টাৰ বা ডিটেনচন কেম্প স্থাপন কৰিব।

গৃহ মন্ত্ৰালয়ে কয় যে ভাৰতীয় বহিঃৰাজ্যৰ নাগৰিক কাৰ্ডধাৰী হিচাপে পঞ্জীয়নকে ধৰি যিকোনো শ্ৰেণীৰ ভিছাৰ বাবে আবেদন কৰা প্ৰতিজন বিদেশীয়ে এনে ভিছা প্ৰদান বা অ’ চি আই কাৰ্ডধাৰী হিচাপে পঞ্জীয়ন প্ৰদান কৰাৰ পূৰ্বে ভিছা প্ৰদানকাৰী কৰ্তৃপক্ষ বা অ’ চি আই কাৰ্ডধাৰী হিচাপে পঞ্জীয়ন প্ৰদান কৰা কৰ্তৃপক্ষই তেওঁৰ বায়’মেট্ৰিক তথ্য ধৰি ৰাখিবলৈ অনুমতি দিব লাগিব।

ইয়াৰ উপৰিও ভাৰতৰ ভিতৰত অবৈধ প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিতাড়ন পৰ্যন্ত ডিটেনচন চেণ্টাৰ বা শিবিৰত চলাচলৰ ওপৰত বাধা আৰোপ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।

নিৰ্দিষ্ট সীমান্তৰক্ষী বাহিনী বা উপকূলৰক্ষী বাহিনীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা অবৈধ অনুপ্ৰৱেশকাৰীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট পৰ্টেলত তেওঁলোকৰ বায়’মেট্ৰিক তথ্য আৰু উপলব্ধ জনগাঁথনিগত তথ্য লাভ কৰাৰ পাছত তেওঁলোকক বিতাড়ন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত কোৱা হৈছে যে, “এজন বিদেশীক ভাৰতত প্ৰৱেশ বা থকাৰ পৰা বঞ্চিত হ’ব পাৰে তলত উল্লেখ কৰা ভিত্তিত, অৰ্থাৎ-যদিহে তেওঁক ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ, চোৰাংচোৱাগিৰি, ধৰ্ষণ আৰু হত্যা, মানৱতাৰ বিৰুদ্ধে অপৰাধ, সন্ত্ৰাসবাদী আৰু বিধ্বংসী কাৰ্যকলাপৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়, তেনে কামৰ বাবে আৰ্থিক সাহায্য বা ধন সৰবৰাহৰ বা হাৱালাৰ ব্যৱস্থাকে ধৰি ।”

ভাৰতত কৰ্মসংস্থাপন গ্ৰহণৰ বাবে বৈধ ভিছা থকা কোনো বিদেশীয়ে অসামৰিক কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিদ্যুৎ বা পানী যোগান বা পেট্ৰ’লিয়াম খণ্ডত নিয়োজিত ব্যক্তিগত খণ্ডৰ কোনো উদ্যোগত কৰ্মসংস্থাপন গ্ৰহণ কৰিব নোৱাৰিব বুলিও কোৱা হৈছে ।

আদেশত কোৱা হৈছে, “কোনো বিদেশীয়ে বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ, তথ্যচিত্ৰ, ৰিয়েলিটি টেলিভিছন আৰু ৱেব শ্ব’ বা ধাৰাবাহিক, বাণিজ্যিক টেলিভিছন ধাৰাবাহিক বা শ্ব’ আৰু ৱেব শ্ব’ বা ধাৰাবাহিক বা আন যিকোনো ধৰণ বা মাধ্যম যিটো কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নিৰ্দিষ্ট কৰিব পাৰে, ৰাজহুৱা প্ৰদৰ্শনৰ বাবে উদ্দেশ্য কৰি, কেৱল লিখিত অনুমতিৰ সৈতে, আৰু নিৰ্দিষ্ট চৰ্ত সাপেক্ষে ।”

পৰ্বতাৰোহণ অভিযানত নিষেধাজ্ঞা আৰোপ কৰি গৃহ মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লিখিত অনুমতি নোলোৱাকৈ কোনো বিদেশী বা বিদেশী দলে ভাৰতৰ কোনো পৰ্বতৰ শিখৰত আৰোহণ বা বগাবলৈ চেষ্টা কৰিব নোৱাৰিব, পথ নিৰ্দিষ্ট কৰি, যোগাযোগ বিষয়া নিযুক্তি আৰু ফটোগ্ৰাফিক আৰু বেতাঁৰ যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব ।

তদুপৰি, প্ৰতিজন বিদেশীয়ে যিকোনো সংৰক্ষিত বা নিষিদ্ধ অঞ্চলত প্ৰৱেশ বা থকাৰ অনুমতি লাভ কৰিব লাগিব । অৱশ্যে আফগানিস্তান, চীন বা পাকিস্তান মূলৰ কোনো ব্যক্তিক এনে নিষিদ্ধ অঞ্চল ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব । ভাৰতৰ নিষিদ্ধ এলেকাসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিম, জম্মু-কাশ্মীৰৰ কিছু অংশ, উত্তৰাখণ্ড, লাডাখ, হিমাচল প্ৰদেশ আৰু ৰাজস্থান আদি ৰাজ্যসমূহ অন্তৰ্ভুক্ত ।

ব্যুৰো অৱ ইমিগ্ৰেচনে ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰা বিদেশীসকলৰ এখন আপডেট কৰা তালিকা বজাই ৰাখিব । নাৱিক আৰু বিমানৰ ক্ৰু আগমনৰ সময়ত নাৱিক বা বিমানখনৰ ক্ৰুৰ যদি কোনো বিদেশী নাগৰিকৰ বৈধ ভাৰতীয় ভিছা নাথাকে তেন্তে ভাৰতত প্ৰৱেশৰ বাবে লেণ্ডিং পাৰ্মিট বা শ্ব’ৰ লিভ পাছ ল’ব লাগিব বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

গৃহ মন্ত্ৰালয়ে কয় যে যদিহে এনে ব্যক্তিক ভাৰতত উপস্থিতি কোনো আদালতৰ নিৰ্দেশ দিয়া হয়, যদিহে তেওঁলোক জনস্বাস্থ্য বা সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰোগত আক্ৰান্ত হয়, যদিহে তেওঁলোকৰ প্ৰস্থানে কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে বা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশ বা কোনো আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষ বা অন্য নিৰ্দিষ্ট চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা আদেশৰ অধীনত ভাৰত এৰি যাব বা এৰি যাবলৈ অনুমতি দিব নোৱাৰিলে দেশ এৰি যাবলৈ অনুমতি দিয়া নহ’বও পাৰে । ব্যুৰো অৱ ইমিগ্ৰেচনে ভাৰতৰ পৰা যাবলৈ অনুমতি নোপোৱা ব্যক্তিৰ এখন আপডেট কৰা তালিকা বজাই ৰাখিব ।

Related Articles