Breaking

নগৰবেৰাত বন বিভাগে উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ বস্তাভৰ্তি কয়লা

0 2,250

ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া সৰবৰাহ আৰু তেনে সময়তে পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে অতৰ্কিতে অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ বস্তা ভৰ্তি কয়লা। জানিব পৰা মতে নগৰবেৰা বজাৰৰ উত্তৰ দিশত থকা পাহাৰপাৰা গাঁৱৰ এঠাইত থুপাই থোৱা মুঠ আশী বস্তা কয়লা বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক খৱৰৰ ভিত্তিত বন বিভাগে থুপাই থোৱা কয়লাৰ বস্তা সমুহ উদ্ধাৰ কৰি এখন বাহনেৰে নগৰবেৰা বন কাৰ্যালয়লৈ নিয়ে। উল্লেখ্য যে কোনে, কিয় এই দৰে কয়লাৰ বস্তা সমুহ থুপাই মজুত কৰি ৰাখিছিল সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় হৈ পৰিছে। আনহাতে বন বিভাগে কয়লা খিনি উদ্ধাৰ কৰে যদিও এই সন্দৰ্ভত সোধপোছৰ বাবে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি বন বিভাগে জনায়।

Leave A Reply