Breaking

হিমাচল প্ৰদেশৰ কুল্লুৰ পাটলিকুহাল বনাঞ্চলত বনজুই, বহু বনজ সম্পদৰ ধ্বংস…

0 22

হিমাচল প্ৰদেশত বনজুই৷ কুল্লু বনাঞ্চলৰ পাটলিকুহালৰ বিস্তীৰ্ণ এলেকা বনজুইৰ কবলত৷ সোমবাৰে হিমাচল প্ৰদেশৰ কুল্লুৰ পাটলিকুহাল বনাঞ্চলত এক বৃহৎ বনজুইৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত কোটি কোটি টকাৰ বনজ সম্পদ ধ্বংস হয়। বনাঞ্চলত জুই বিস্তাৰ আৰু তীব্ৰতৰ হোৱাৰ পিছত অলপ সময়ৰ পিছতে বনাঞ্চলৰ পৰা বৃহৎ বৃহৎ জুইৰ শিখা ওলাই অহা দেখা গ’ল।

বৃহৎ বনজুইৰ বাবে অঞ্চলটোত ধোঁৱা বিয়পি পৰে। জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। ব্যাপক বনজুইৰ ফলত কোটি কোটি টকাৰ বনজ সম্পদ ধ্বংস হয়

Leave A Reply