বিহালীত অৰণ্যমানৱ যাদৱ পায়েং

আজি বিহালীৰ বেদেতী শিৱ মন্দিৰ প্রাংগনত মর্নিংক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কার্যসূচীত অৰণ্যমানৱ যাদৱ পায়েঙে শুভাৰম্ভ কৰে । এই কাযর্সুচীত মর্নিংক্লাৱৰ বিষয় ববীয়াৰ লগতে স্হানীয়লোক উপস্হিত থাকে !যাদৱ পায়েঙক সম্বর্ধনা জনোৱা হয় । তেও বিহালী সংৰক্ষিত বনাঞ্চল ৰক্ষনা বেক্ষনা ৰাইজে কৰিব লাগে বুলি উল্লেখ কৰি গছ গছনি নাথাকিলে মানুহৰ লগতে জীৱকুলৰো ক্ষতি হয় বুলি উল্লেখ কৰে । তদুপৰি বিহালী বনাঞ্চলখন অভয়াৰণ্য হব লাগে বুলি বক্তব্যত উল্লেখ কৰে। তাৰ পিছতেই বিহালীৰ অন্যতম তীর্থস্হান পীতাম্বৰ ধামত জন্মাষ্টমীৰ উপলক্ষ গছপুলি ৰোপনৰ শুভৰম্ভ কৰি  আয়োজিত অনুষ্ঠানত তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰ লগতে বিশ্বৰ বিভিন্ন দেশত গৈ গছ পুলি ৰুই বিশ্বক সেউজীয়া কৰাৰ যি পৰিকল্পনা সেই বিষয়ে উল্লেখ কৰে । তেও ইতিমধ্যে ৭কোটি গছ পুলি  ৰুই অভিলেখ ৰচিছে । যাদৱ পায়েঙে অক্সিজেনৰ বাবেও গছ-গছনিৰ অতি প্ৰয়োজন বুলি আছে আৰু সকলোকে এই ক্ষেত্রত গুৰুত্ব আৰোপ কৰিবৰ বাবে আহ্বান কৰে ! জীব জন্তু পখীকুল আদিয়েও পৰিবেশ সংৰক্ষণৰ কাম  কৰে অথচ মানুহে ধ্বংস কৰে । তাৰ পিছতেই মর্নিং ক্লাৱৰ সাংস্কৃতিক সচিব হিৰণ্য হাজৰিকাই পৰিবেশ সম্পর্কীয় বিষয়ত মন্তব্য কৰে । ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমী অনুষ্ঠান  ৰাংছালী ফাউণ্ডেচনৰ ফালৰ পৰা যাদব পায়েঙক ফুলাম গামোচাৰে আদৰণি জনাই । পীতাম্বৰ ধামৰ আচার্য ১০৮ নাৰায়নস্বামীয়ে পীতাম্বৰ ধামৰ আশে পাশে থকা গাও সমুহত গছ গছনি থকাৰ বাবে অক্সিজেনৰ অভাব নোহোৱাত কোভিডত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি গৌৰব অনুভৱ কৰে । তেওঁ সকলো  মানুহৰ ঘৰৰ আগত এজোপাকৈ গছ ৰোপন কৰিবলৈ আহ্বান জনায় । তেও পশু পক্ষীৰ খাদ্য হোৱাকৈ গছ গছনি ৰুব লাগে বুলিও কয় । আজি এই অনুষ্ঠানত মর্নিং ক্লাৱৰ সদস্য সকলৰ লগতে গুৱাহাটীৰ ৰতনলাল আগৰৱালা,নগাৱঁৰ ৰাজকুমাৰ টোডী সহ স্হানীয় লোকে সহযোগিতা  কৰে ।

Related Articles