Breaking

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন দেশত অৰণ্য গঢ়িবলৈ যাব অৰণ্য মানৱ যাদৱ পায়েং

0 329

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন দেশত অৰণ্য গঢ়িবলৈ যাব এগৰাকী অসম সন্তান।মেক্সিকোলৈ যাবলৈ সাজু হৈছে অৰণ্য মানৱ যাদৱ পায়েং।মাজুৃলীৰ পৰা লগত লৈ যাব তামোল,নাৰিকলৰ পুলি।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন দেশত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে যাব এগৰাকী অসম সন্তান।

মেক্সিকোত ১ লাখ গছপুলি ৰোপণ কৰিব অৰণ্য মানৱ যাদৱ পায়েঙে।ক’ভিডৰ ভয়াবহতা আৰু লকডাউনৰ বাবে ২০২১ বৰ্ষত তেওঁ মেক্সিকোলৈ এই কাৰ্যসূচীৰ বাবে যোৱাত বাধাৰ সৃষ্টি হ’ল।কিন্তু এইবাৰ তেওঁ পুনৰ যাবৰ বাবে সাজু হৈছে৷চলিত বৰ্ষৰ অক্টোবৰ মাহত মেক্সিকোলৈ যাব ‘অৰণ্য মানৱ’ খ্যাত প্ৰকৃতিপ্ৰেমী যাদৱ পায়েং৷যাদৱ পায়েঙে ১০ বছৰৰ বাবে সুদূৰ মেক্সিকোৰ ভিছা লাভ কৰিছে।

যাদৱ পায়েঙে বছৰি তিনি মাহকৈ মেক্সিকোত থাকি অৰণ্য গঢ়াত সহায় কৰিব।মেক্সিকোত 8 লাখ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিব পদ্মশ্ৰী যাদৱ পায়েঙে৷বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মেক্সিকো চৰকাৰে যাদৱ পায়েঙৰ লগত কৰিছিল এক বিশেষ চুক্তি।এই চুক্তি অনুসৰি অৰণ্য মানৱ যাদৱ পায়েঙে দেশখনত ৰোপণ কৰিব গছপুলি।

ইয়াৰোপৰি প্ৰতি তিনিমাহত তেওঁ প্ৰতিদিনেই দেশখনৰ এক লাখ ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ প্ৰশিক্ষণ দিব।দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে বৃক্ষ ৰোপণৰ কামত অংশ গ্ৰহণ কৰিব।অসমৰ পৰা তামোল আৰু নাৰিকলৰ পুলি মেক্সিকোলৈ লৈ গৈ পৰীক্ষণমূলকভাৱে ৰোপণ কৰিব অৰণ্য মানৱগৰাকীয়ে।

Leave A Reply