Breaking

ছিপাঝাৰত গছক বিহুৱান দি গছ বিহু পালন অৰণ্য সুৰক্ষা সমিতিৰ…

0 51

ছিপাঝাৰত অৰণ্য সুৰক্ষা সমিতি, অসমৰ গছ বিহু পালন।গছক বিহুৱান দি ,গছৰ তলত বিহু মাৰি ব’হাগৰ বতৰত গছক মান্যতা দিয়াৰ প্ৰয়াস গ্ৰহণ কৰে প্ৰকৃতিৰ লগত জড়িত স‍ংগঠনটোৱে। উল্লেখযোগ্য যে ,প্ৰকৃতিৰ লগত জড়িত স‍ংগঠনটোৱে ছিপাঝাৰত কেন্দ্ৰীয় ভাবে আয়োজন কৰা গছ বিহুৰ জৰিয়তে প্ৰকৃতিৰ লগত ব’হাগ বিহুৰ সম্পৰ্ক অধিক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াস কৰে। আনহাতে অনুষ্ঠানৰ লগত ৰজিতা খুৱাই কেইবাজোপা গছ পুলিও ৰোপণ কৰে।

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰাংগণত বিস্তৃত ভাবে আয়োজন কৰা কাৰ্যসূচীত বিহুৰ লগত সংগতি ৰাখি এখন স্মৰণিকা উন্মোচন কৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Leave A Reply