ওৰাঙত অৰণ্য সুৰক্ষা সমিতি : একাধিক সংগঠনৰ সৰৱ পথ-সভা

অৰণ্য সুৰক্ষা সমিতি-অসমৰ আহ্বান তথা উদ্যোগত ১২ আগষ্টত বিয়লি ৪-৩০ বজাত মবচলীয় নগৰী ওৰাঙৰ মাজমজিয়াত  ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ আগত সংযোজিত  ৰাজীৱ গান্ধীৰ নাম বাতিলৰ দাবীত  ক’ভিড বিধি মানি এক সৰৱ পথ-সভা অনুষ্ঠিত হয়। তিনি দশকৰ অধিক কাল এই মূল দাবীৰে সংগ্ৰাম চলাই অহা প্ৰকৃতি প্ৰেমী সংগঠন অৰণ্য সুৰক্ষা সমিতি-অসম,বহু কেইটা ছাত্ৰ সংগঠন , সাংবাদিক ,দল আদিয়ে এই অন্ত:কৰণে বিশ্বাস কৰে যে অসমক প্ৰকৃতাৰ্থত ভালপোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আবেগ-অনুভূতিক গুৰুত্ব দি দীৰ্ঘদিনীয়া দাবীটো পূৰণৰ বাবে যথোচিত ব্যৱস্থা ল’ব । সেয়ে আজি সংগঠনটোৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানৈ সচিব প্ৰধানৰ দায়িত্বত ন্যস্ত থকা বিশিষ্ট লেখক ড: হৰিচৰণ দাসৰ নেতৃত্বত যোৱা এটি সজাতি দলে ইতিহাস গৰিমাময় আৰু জৈৱবৈচিত্ৰৰে ভৰপূৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ আগত অহেতুক আৰু অপ্ৰাসংগিকভাৱে সংলগ্ন কৰা ৰাজীৱ গান্ধীৰ নাম বাতিলৰ দাবী সম্বলিত এক স্মৰক পত্ৰ  মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে। ইপিনে ওৰাঙত আয়োজন কৰা পথ-সভাত পৌৰহিত্য কৰে সমিতিৰ কেন্দ্ৰীয় সভাপতি তথা ৰাষ্ট্ৰীয় আৰু গ্লোৱেল বটা প্ৰাপ্ত অৱসৰী  কৃতি শিক্ষক কৃষ্ণ বৰাই । সমিতিৰ সম্পাদক সোমেশ মাহাতোই আত ধৰা আৰু উদ্দেশ্যে ব্যাখ্যা কৰা সভাত এটা জনগোষ্ঠীৰ নামৰ গৰিমাময় ইতিহাস বিজড়িত উদ্যোনখনৰ নাম ৰাজনৈতিক অভিসন্ধিৰে ৰাজীৱ গান্ধী কৰাত উষ্মতা ব্যক্ত কৰি এই নাম বাতিলৰ দাবীৰে সৰৱ বক্তব্য ৰাখে সভাপতি কৃষ্ণ বৰা, উপদেষ্টা শৰৎ বৰুৱা, আৰ টি আই কৰ্মী দিলীপ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ( ওৰাঙৰ) নয়নজ্যোতি ডেকা , অৰণ্য সুৰক্ষা সমিতিৰ কাৰ্যনিৰ্বাহক অতুল চন্দ্ৰ নাথ,অৰণ্য সুৰক্ষা সমিতিৰ   প্ৰতিষ্ঠাপক উদ্যোক্তা ,ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি গোলোক বৰা, আৰু সমিতিৰ  প্ৰতিষ্ঠাপক মুখ্য উদ্যোক্তা,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক  নব কুমাৰ ডেকা প্ৰমুখ্যে একাধিকজনে । হাতে হাত মনস্পৰ্শী শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি বিভিন্ন দল-সংগঠৰ প্ৰতিবাদী সভাসদে ওৰাঙৰ ঐতিহ্য অটুট ৰাখক,ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰি – ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰক,ওৰাঙক উভটাই দিয়ক, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাজীৱ গান্ধীৰ নাম কিয় ? , অৰণ্য সুৰক্ষা সমিতি জিন্দাবাদ ইত্যাদি শ্লোগানেৰে  আকাশ বতাহ কপাই তোলে ।

Related Articles