Breaking

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰজাৰ শাখা সাহিত্য সভাৰ সাধাৰণ সভাত নতুন সমিতি গঠন…

0 11

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰজাৰ শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিখন নতুনকৈ গঠন কৰা হয়। এই উদ্দেশ্যে সিদিনা বৰজাৰ হাইস্কুলত অঞ্চলটোৰ বহু সংখ্যক সাহিত্যানুৰাগী লোকৰ উপস্থিতিত শাখাখনৰ সভাপতি ধীৰেন চন্দ্ৰ হালৈৰ সভাপতিত্বত সাধাৰণ সভা এখন সম্পন্ন হয়।

সভাত লক্ষী কলিতাক সভাপতি, দিলীপ কুমাৰ হালৈক উপ সভাপতি, ৰমেন কলিতাক সম্পাদক, বিশাল কলিতাক সহকাৰী সম্পাদক, মাধৱ কলিতাক পত্রিকা সম্পাদক, ধ্ৰুৱজ্যোতি হালৈক কোষাধ্যক্ষ, জিতু কলিতা, উদয় চন্দ্র কলিতা, ভূপেন চন্দ্র কলিতা, প্রভাত হালৈ,

ৰমেশ হালৈ, ধীৰাজ কলিতা আৰু পৱিত্ৰ হালৈক কার্যনির্বাহক সদস্য; ডাঃ দিনো ঠাকুৰীয়া, জয় চৰণ কলিতা, উমেশ কলিতা, বসন্ত কলিতা, কণিকা তালুকদাৰক মনোনীত সদস্য আকৌ ডঃ সুনীল কুমাৰ শর্মা, সত্যনাথ কলিতা, ধীৰেন চন্দ্ৰ হালৈ, যোগেন হালৈ, সোণেশ্বৰ ডেকাক আমন্ত্ৰিত সদস্য হিচাপে মনোনীত কৰা হয়।

Leave A Reply