Breaking

শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ আছু গোট গঠন

0 2,318

পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ  অন্তর্গত বেলশৰস্হ  শ্বহীদ স্মৃতি মহাবিদ্যালয় কালি  আছু গোটটো   গঠন কৰা  হয় । কাৰ্যসূচীৰ   আৰম্ভণিতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলন কৰে শ্বহীদ স্মৃতি মহাবিদ্যালয় আছু গোটৰ সভাপতি ধনজিৎ বৰ্মন , আছু গোটৰ উপদেষ্টা প্ৰাণজিৎ ৰাজবংশী । তাৰ পিছত প্ৰতিনিধি সভা আৰম্ভ হয় । প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে আছু গোটৰ সভাপতি ধনজিৎ বৰ্মনে , প্ৰতিনিধি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আছু গোটৰ সম্পাদক ৱিকি পাটোৱাৰী ,  সদৌ অসম ছাত্র সন্থাৰ দৃষ্টিভংগী বাখ্যা কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন । আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা বক্তব্য আগবঢ়াই পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰানজিৎ ঠাকুৰীয়া, উপ সভাপতি দেৱজিত  শৰ্মা , কল্পমণি কাকতি , সহ সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মা , মুখ্য সাংগঠনিক সম্পাদক চাহিদুল আলম ।সভাখনত  আমন্ত্ৰনিত অতিথি হিচাপে উপস্থিত আছিল   পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি  বিশ্বজিৎ শৰ্মা , সমাজকৰ্মী লক্ষ্মী পাটোৱাৰী । প্ৰতিনিধি সভাত উপস্থিত আছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি মিৰ হুছেইন , সহ সাধাৰণ সম্পাদক নয়নজ্যোতি বৰ্মন , শিক্ষা সম্পাদক দীপাংকৰ বৰ্মন ,বিত্ত সম্পাদক বিশাল জ্যোতি কাশ্যপ , সাংগঠনিক সম্পাদক জ্যোতিপ্ৰকাশ সেন ডেকা, দীপামণি সেন ডেকা , অংকুৰ শৰ্মা , কাৰ্য্যলয় সম্পাদক ৰাজেশ শৰ্মা , কাৰ্যনিৰ্বাহ সদস্য সমুদ্ৰ গুপ্ত কাশ্যপ , দক্ষিণ পকোঁৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া জুবিন  ডেকা , প্ৰতিনিধি সভা শেষ হোৱাৰ পিছত আৰম্ভ হয় বিষয় বাচনি সভা । বিষয় বাচনি সভাৰ সভাপতিত্ব কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি কল্পমণি কাকতি  । উদ্দেশ্য ব্যাখা কৰে আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰানজিৎ ঠাকুৰীয়াই । বিষয় বাচনি সভাত শ্বহীদ মহাবিদ্যালয় আছু গোটৰ সভাপতি হিচাপে ৰাহুল ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক হিচাপে চাইদূৰ ৰহমান আৰু শিক্ষা সম্পাদক হৰেকৃষ্ণ নাথক লৈ এখন শক্তিশালী আছু গোট গঠন কৰা হয় ।

Leave A Reply