যোৰহাট জিলাৰ টীয়কৰ জাঁজী নদীৰ কাষৰীয়া অঞ্চল বনাইত ১৯৫০ চনত সেইসময়ৰ বহু কেইজন স্বনামধন্য ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত বনাই মধ্য ইংৰাজী বিদ্যালয় হিচাপে গঢ় লৈ উঠা বিদ্যালয়খনিত আজি উচ্চতৰ শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি অসমৰ চৰকাৰীখণ্ডৰ এখন আগশাৰীৰ বিদ্যালয়লৈ পৰ্যবসিত হৈছে। প্ৰাক্তন ছাত্র ছাত্ৰী মঞ্চ” গঠনৰ উদ্দেশ্য প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত দেওবাৰে বিদ্যালয়ৰ সভাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে তামুলীছিগা ঘনকান্ত বৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ দুৱৰাই। বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বোধেশ্বৰ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত আমাৰ মাজৰ পৰা ঘূৰি নহাৰ পথেৰে গুচি যোৱা বিদ্যালয়খনিৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত শিক্ষক তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰায় পাঁচ শতাধিক প্ৰাক্তন ছাত্র ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিলীপ বৰাক সভাপতি , বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিলীপ বৰাক সম্পাদক, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি বৰাক কোষাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া এখন মঞ্চ গঠন কৰা হয়। বিদ্যালয়খনিত অধ্যয়ন কৰি দেশৰ ভিন্ন প্ৰান্তত থকা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অৱসৰ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীয়ে ০৯১০১১৪৩০০৩, ০৭০০২৪৮০০৮৩ আৰু ৯৪০১২০২৫৮৮ নম্বৰত যোগাযোগ কৰি মঞ্চখনি আৰু শক্তিশালী কৰাত অৰিহণা যোগাব বুলি আশা কৰিছে মঞ্চখনিয়ে। লগতে এই মঞ্চই অনাগত দিনত বিদ্যালয়ৰ আন্ত:গাথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চই।

