ডুমডুমাত ‘চেম্বাৰ্চ অৱ কমাৰ্চ’ গঠন

ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱন(ধৰমশালা)ত বিশিষ্ট ব্যাৱসায়ী কিষনলাল পাৰিকৰ পৌৰোহিত্যত, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু ডুমডুমা আৰক্ষী থানাৰ প্ৰভাৰী অসীম বৰাৰ উপস্থিতিত কালি সন্ধিয়া অনুষ্ঠিত হোৱা ডুমডুমাৰ ব্যাৱসায়ীসকলৰ এখন সভাত ‘ডুমডুমা চেম্বাৰ্চ অৱ কমাৰ্চ’-ৰ সমিতিখন পুনৰগঠন কৰা হয় । সভাই সৰ্বসন্মতভাৱে কিষনলাল পাৰিকক সভাপতি নিৰ্বাচন কৰে । তাৰ পিছত নিৰ্বাচন যোগে ধীৰাজ গোৱালা আৰু দিলীপ প্ৰসাদক উপসভাপতি,  প্ৰিঞ্চ জয়ছোৱালক সম্পাদক, দীপক চৌধুৰী আৰু সতেন্দ্ৰ চাহক সহকাৰী সম্পাদক আৰু অনুপ গুপ্তাক কোষাধ্যক্ষ হিচাবে লৈ সমিতিখন গঠন কৰি দিয়ে । সমিতিখনৰ সদস্য হিচাপে কাঞ্চন ভাৱাল, পিট্টৰচান্দ মিট্টল, অশোক চৌধুৰী, মহেশ আগৰৱালা, ৰোচন মোদী, শ্যামসুন্দৰ পূৰ্ৱা, সঞ্জয় আগৰৱালা,  বিকাশ আগৰৱালা আৰু অশোক কেজদিৱাক অন্তৰ্ভুক্ত কৰা হয় । উপদেষ্টা হিচাপে থাকে জয়নাৰায়ণ বঞ্চাল, মহাবীৰ প্ৰসাদ মোদী, দেৱেন্দ্ৰ পাৰিক, জয় ভগৱান আগৰৱালা আৰু ৰাজকুমাৰ গাৰোদিয়া । সভাখনত বিধায়ক ৰূপেশ গোৱালাই ভাষণ প্ৰসঙ্গত কয় যে তেওঁ আজি গঠন হোৱা ব্যাৱসায়ীসকলৰ সংগঠনটোক পূৰ্ণ সহযোগিতা আগবঢ়াব । ডুমডুমা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম কৰোঁতে তেওঁ ৰাইজৰ সহায়- সহযোগিতা কামনা কৰে । ডুমডুমা চেম্বাৰ্চ অৱ কমাৰ্চ-এ কৰোনা সংক্ৰমণৰ সময়ত দুখীয়া বহুসংখ্যক ৰাইজলৈ খাদ্যৰ পেকেট যোগান ধৰি সহায় কৰা বাবে  ভাষণ প্ৰসঙ্গত তেওঁ সংগঠনটোক ভূয়সী প্ৰশংসা কৰি বক্তব্য আগবঢ়ায় । থানাৰ প্ৰভাৰী অসীম বৰাই দিয়া ভাষণ প্ৰসঙ্গত আইনীভাৱে কৰা ব্যাৱসায়ীমহলৰ লগত সদায় থকাৰ কথা দোহাৰে । চহৰখনত যান-যঁট কমোৱাৰ বাবে তেওঁ গ্ৰহণ কৰা বিশেষ ব্যৱস্থাই ব্যাৱসায়ীমহলক সহায় কৰিব বুলিও মন্তব্য দিয়ে ।মুনীন্দ্ৰ মহন্ত,ডুমডুমা ।

Related Articles